শেহতীয়া কৈ ঘোষণা হ’ল বিশ্বৰ বিশ্বৰ আটাইতকৈ নিৰাপদ ১০ খন দেশৰ তালিকা। ‘নাম্বিঅ’ ছেফটি ইনডেক্সত এইবাৰ ইউৰোপৰ সৰু দেশ এণ্ডোৰাক বিশ্বৰ আটাইতকৈ নিৰাপদ দেশ হিচাপে ঘোষণা কৰা হৈছে! এই তালিকাত এছিয়াৰ দেশসমূহৰ ভিতৰত জাপান ১০ নম্বৰ স্থানত আৰু ১৫ নম্বৰ স্থানত আছে চীন। ইয়াৰ উপৰিও শ্ৰীলংকা ৫৯, পাকিস্তান ৬৫ আৰু বাংলাদেশ ১২৬ নম্বৰ স্থানত আছে। ভাৰতৰ নামো আছে এই দীঘলীয়া তালিকাত।
শেহতীয়াকৈ প্ৰকাশিত ‘নাম্বিঅ’ ছেফটি ইনডেক্স’ অনুসৰি পাইৰেনিছ পৰ্বতমালাত ফ্ৰান্স আৰু স্পেইনৰ মাজত অৱস্থিত এণ্ডোৰাক ২০২৫ চনত বিশ্বৰ আটাইতকৈ নিৰাপদ দেশ হিচাপে গণ্য কৰা হৈছে। অৰ্থাৎ এই দেশৰ অপৰাধৰ হাৰ আটাইতকৈ কম হোৱাৰ লগতে নিৰাপত্তাৰ গাঁথনিও শক্তিশালী। ইয়াৰ উপৰিও পশ্চিম এছিয়াৰ তিনিখন দেশ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), কাটাৰ আৰু ওমানে এই তালিকাৰ শীৰ্ষ পাঁচখন দেশত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এছিয়াৰ টাইৱানো বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান লাভ কৰিছে।
৮৪.৭ নিৰাপত্তা সূচকাংকৰে তালিকাৰ শীৰ্ষত আছে এণ্ডোৰা। ইউ এ ই সুৰক্ষা সূচকাংক ৮৪.৫ ৰে দ্বিতীয় স্থানত আছে । তৃতীয় স্থানত আছে কাটাৰৰ সুৰক্ষা সূচকাংক হৈছে ৮৪.২। ইয়াৰ পিছতে আছে টাইৱান আৰু ওমান আৰু ইয়াৰ সুৰক্ষা সূচকাংক ক্ৰমে ৮২.৯ আৰু ৮১.৭। এছিয়াৰ দেশসমূহৰ ভিতৰত জাপান দশম স্থান আৰু চীন ১৫ নম্বৰ স্থানত আছে। ইয়াৰ উপৰিও শ্ৰীলংকা ৫৯ নম্বৰ, পাকিস্তান ৬৫ নম্বৰ আৰু বাংলাদেশ ১২৬ নম্বৰত আছে। ভাৰতো এই দীঘলীয়া তালিকাত আছে। কিন্তু ৬৬ নম্বৰ স্থানত। সুৰক্ষা সূচকাংক ৫৫.৭। ইয়াৰ পিছতে আছে ব্ৰিটেইন (৮৭ নম্বৰ স্থান, ৫১.৭), আমেৰিকা (৮৯ নম্বৰ স্থান, ৫০.৮)!
‘নাম্বিঅ’ ছেফটি ইনডেক্স’ সাধাৰণতে ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। ফলত এই সূচকাংকত থকা তথ্য চৰকাৰী পৰিসংখ্যাৰ পৰা পৃথক হ’ব পাৰে। সাধাৰণতে আপেক্ষিক সুৰক্ষাৰ এই মূল্যায়ন অপৰাধৰ হাৰ, দেশৰ নিৰাপত্তা ব্যৱস্থা, ব্যক্তিগত সুৰক্ষাৰ চিন্তাকে ধৰি বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়।
২০২৫ চনত বিশ্বৰ শীৰ্ষ ১০ খন নিৰাপদ দেশ
• এণ্ডোৰা: ৮৪.৭
• সংযুক্ত আৰব আমিৰশ্বাহী ৮৪.৫
• কাটাৰ ৮৪.২
• টাইৱান ৮২.৯
• ওমান ৮১.৭
• আইল অৱ মেন ৭৯.০
• হংকং (চীন) ৭৮.৫
• আৰ্মেনিয়া ৭৭.৯
• ছিংগাপুৰ ৭৭.৪
• জাপান ৭৭.১
উল্লেখ্য যে তালিকাৰ তলত ১৪৮ নম্বৰ স্থানত আছে ভেনিজুৱেলা। অৰ্থাৎ ২০২৫ চনত এই দক্ষিণ আমেৰিকাৰ দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ হিচাপে ঘোষণা কৰা হৈছে। ভাৰতৰ চুবুৰীয়া দেশ আফগানিস্তানে ১৪৪ নম্বৰ স্থানত আছে। গৃহযুদ্ধৰ কবলত পৰা ছিৰিয়াই ১৪০ নম্বৰ স্থান লাভ কৰিছে এই তালিকাত।
বিশ্বৰ ১০ খন বিপজ্জনক দেশ
• ভেনিজুৱেলা ১৯.৩
• পাপুয়া নিউ গিনি ১৯.৭
• হাইটি ২১.১
• আফগানিস্তান ২৪.৯
• দক্ষিণ আফ্ৰিকা ২৫.৩
• হণ্ডুৰাছ ২৮.০
• ট্ৰিনিদাদ আৰু ট’বাগো ২৯.১
• ছিৰিয়া ৩১.৯
• জামাইকা ৩২.৬
• পেৰু ৩২.৯