• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2025 8:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজিয়াবাদত চলা ভুৱা দূতাবাস অভিযানৰ আঁৰৰ কথিত মাষ্টাৰমাইণ্ড হৰ্ষবৰ্ধন জৈনৰ তদন্তত নতুন সবিশেষ উন্মোচন কৰিছে উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে।

এছটিএফৰ মতে, হৰ্ষবৰ্ধন জৈনে ব্ৰিটেইন, মৰিচাছ, ডুবাই, আফ্ৰিকান দেশসমূহকে ধৰি বিদেশত  কেইবাটাও ভুৱা কোম্পানী স্থাপন কৰিছিল, তাৰ ভিতৰত আছিল ইষ্ট ইণ্ডিয়া কোম্পানী ইউ কে লিমিটেড আদি অন্যতম।

Apply Now

জৈনৰ নামত পঞ্জীয়ন হোৱা আন কোম্পানীসমূহৰ ভিতৰত আছে: ষ্টেট ট্ৰেডিং কৰ্প’ৰেশ্যন, আইলেণ্ড জেনেৰেল ট্ৰেডিং কো এল এল চি (ডুবাই), ইন্দিৰা অভাৰচিজ লিমিটেড (মৰিচাছ), আৰু কেমেৰন ইছপাট ছাৰ্ল (আফ্ৰিকা)। এই কোম্পানীসমূহ ধন সৰবৰাহ আৰু প্ৰৱঞ্চনামূলক কামত ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।

জেৰাৰ সময়ত জৈনে এছটিএফৰ বিষয়াসকলক জনোৱা বুলি জানিব পৰা গৈছে যে তেওঁ বিতৰ্কিত গডমেন চন্দ্ৰস্বামীৰ ঘনিষ্ঠ সহায়ক এহছান আলী চৈয়দৰ নিৰ্দেশনা অনুসৰি কাম কৰিছিল। মূলতঃ হায়দৰাবাদৰ আৰু বৰ্তমান তুৰ্কী নাগৰিকত্ব লাভ কৰা এহছানে লণ্ডনত থাকি জৈনক একাধিক শ্বেল কোম্পানী স্থাপন কৰাত সহায় কৰিছিল। এই প্ৰতিষ্ঠানসমূহক হাৱালাৰ লেনদেন আৰু বৃহৎ পৰিসৰৰ বিত্তীয় জালিয়াতিৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

এছটিএফে বিচাৰি উলিয়াইছে যে ২০০৮ চনৰ পৰা ২০১১ চনৰ ভিতৰত এহছান আৰু তেওঁৰ দলটোৱে প্ৰায় ৭ কোটি পাউণ্ডৰ ভুৱা ঋণ লাভ কৰিছিল আৰু পলায়নৰ পূৰ্বে কমিচন হিচাপে প্ৰায় ২.৫ কোটি পাউণ্ড সংগ্ৰহ কৰিছিল। ২০২২ চনত চুইজাৰলেণ্ড চৰকাৰৰ অনুৰোধত লণ্ডন আৰক্ষীয়ে এহছানক গ্ৰেপ্তাৰ কৰে। ২০২৩ চনত লণ্ডনৰ আদালতে তেওঁক ছুইজাৰলেণ্ডলৈ প্ৰত্যাৰ্পণ কৰিবলৈ অনুমোদন জনায়। বৰ্তমান এছটিএফে এহছানৰ নেটৱৰ্কত হৰ্ষবৰ্ধন জৈনৰ ভূমিকা সম্পৰ্কে তদন্ত কৰি আছে।

জৈনৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ ভিত্তিত কৰ্তৃপক্ষই তেওঁৰ নামত ভাৰত আৰু বিদেশৰ একাধিক বেংক একাউণ্ট আৱিষ্কাৰ কৰিছে। চলি থকা তদন্তৰ অংশ হিচাপে এতিয়া এই একাউণ্টসমূহ তদাৰক কৰা হৈছে।

কবি নগৰ থানাত হৰ্ষবৰ্ধন জৈনৰ বিৰুদ্ধে আইপিচিৰ ৩১৮(৪), ৩৩৬(৩), ৩৩৮, আৰু ৩৪০ ধাৰাকে ধৰি কেইবাটাও ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে। এতিয়া এছটিএফে অধিক সোধা-পোছাৰ বাবে জৈনৰ জিম্মা লাভৰ কাম কৰিছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে বৃহস্পতিবাৰে গাজিয়াবাদৰ কবি নগৰ অঞ্চলত এটা আড়ম্বৰপূৰ্ণ বাংলোৰ পৰা চলি থকা ভুৱা দূতাবাসৰ অভিযান বন্ধ কৰি দিয়ে। ইয়াত গ্ৰেপ্তাৰ হোৱা মাষ্টাৰমাইণ্ড ৪৭ বছৰীয়া হৰ্ষবৰ্ধন জৈনে নিজকে এটা নহয়, কেইবাটাও স্বঘোষিত মাইক্ৰ’নেচন – ৱেষ্টাৰ্কটিকা, চেবৰ্গা, প’লভিয়া, আৰু লাড’নিয়াৰ ৰাষ্ট্ৰদূত হিচাপে উপস্থাপন কৰিছিল।

কূটনৈতিক নম্বৰ সন্নিৱিষ্ট বিলাসী গাড়ী, জাল নথি-পত্ৰ, ভুৱা বিদেশী সংযোগ আদিকে ধৰি তেওঁৰ এই কৌশলৰ দ্বাৰা কোম্পানী আৰু ব্যক্তিক চাকৰি, বহিঃৰাজ্যৰ চুক্তি আৰু ব্যৱসায়ৰ প্ৰস্তাৱ দি প্ৰতাৰণা কৰা হৈছিল, যাৰ বিনিময়ত জৈনে ডাঙৰ কমিছন লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd