শুকুৰবাৰে পুৱা ভাৰতৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একেৰাহে দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ তালিকাত তেওঁ দ্বিতীয় স্থানলৈ উন্নীত হয়। অৱশ্যে সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ তালিকাত তেওঁ বৰ্তমান তৃতীয় স্থানত আছে। একেৰাহে ৪০৭৮ দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে মোদীয়ে।
স্বাধীনতাৰ পৰা ১৯৬৪ চনলৈকে প্ৰধানমন্ত্ৰী হিচাপে থকা জৱাহৰলাল নেহৰুৱে ১৬ বছৰ ২৮৬ দিন অবিৰতভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেহৰুৰ পাছতে সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ অভিলেখ আছে ইন্দিৰা গান্ধীৰ। প্ৰথম কাৰ্যকালত তেওঁ ১১ বছৰ ৫৯ দিন প্ৰধানমন্ত্ৰী আছিল। পাছলৈ ১৯৮০ চনৰ নিৰ্বাচনত জয়ী হৈ আৰু ৪ বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। আনহাতে, ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ১১ বছৰ ৬০ দিন ধৰি প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।
নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে কেইবাটাও নজিৰ গঢ়ি তুলিছে। ভাৰতৰ স্বাধীনতাৰ পাছত জন্ম হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী। তদুপৰি, সৰ্বাধিক দীৰ্ঘদিন এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপেও তেওঁৰ অভিলেখ আছে। তেওঁ অহিন্দীভাষী ৰাজ্যৰ নেতা হিচাপে দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হোৱাৰ নজিৰ গঢ়ি তুলিছিল। একেৰাহে দুটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ অকংগ্ৰেছ নেতা। মোদীয়ে লোকসভাত একক সংখ্যাগৰিষ্ঠতা থকা একমাত্ৰ অকংগ্ৰেছী হিচাপেও নজিৰ গঢ়ি তুলিছে।
দীঘলীয়া কাৰ্যকাল
জৱাহৰলাল নেহৰু – ১৬ বছৰ ২৮৬ দিন
নৰেন্দ্ৰ মোদী – ১১ বছৰ আৰু ৬০ দিন
ইন্দিৰা গান্ধী – ১১ বছৰ ৫৯ দিন
মনমোহন সিং – ১০ বছৰ ৪ দিন
অটল বিহাৰী বাজপেয়ী – ৬ বছৰ ৬৪ দিন