• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খিলঞ্জীয়াৰ বাবে অস্ত্ৰ অনুজ্ঞাপত্ৰৰ পক্ষত মুখ্যমন্ত্ৰী শৰ্মাৰ স্পষ্টীকৰণ: থলুৱাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2025 4:46 pm
101
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাই এই দক্ষেপক তেওঁলোকৰ অস্তিত্বৰ বাবে এক  উপযোগী ব প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছে। তেওঁ কয়, কেতিয়াবা অসমৰ পৰিস্থিতি বিস্ফোৰক হৈ পৰিব পাৰে। তেনে স্থলত আমাৰ মানুহে কেনেকৈ নিজকে ৰক্ষা কৰিব বুলি উল্লেখ কৰে

২৮ মে’ত ঘোষণা কৰা এই নীতিৰ জৰিয়তে ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও আৰু দক্ষিণ শালমাৰা-মানকাচৰৰ দৰে দুৰ্গম জিলাৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি লক্ষ্য কৰি এই সুবিধা প্ৰদান কৰা হৈছে বুলি সদৰী কৰে। বিশেষকৈ বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চল যেনে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰত সীমান্তৰ সিপাৰৰ পৰা অহা ভাবুকিৰ বাবে নিৰাপত্তাৰ অভাৱৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ্য যে আগষ্ট মাহৰ পৰা এই জিলাসমূহৰ বাসিন্দাসকলে নতুন পৰ্টেলৰ জৰিয়তে অনলাইনযোগে অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দেশনা অনুসৰি আবেদনকাৰীৰ কোনো অপৰাধজনিত অভিলেখ থাকিব নোৱাৰিব আৰু তেওঁলোকে ভাৰতীয় অস্ত্ৰ আইনৰ অধীনত আৰক্ষীৰ পৰীক্ষণ প্ৰক্ৰিয়া সফলতাৰে পাৰ কৰিব লাগিব। এই প্ৰক্ৰিয়াত উপ আয়ুক্তৰ চূড়ান্ত অনুমোদনো অন্তৰ্ভুক্ত আছে বুলি জনাইছে। অৱশ্যে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিনীয়া সীমা বিবাদৰ কাৰণে এই নীতি প্ৰযোজ্য নহ’ব।

মুখ্যমন্ত্ৰী শৰ্মাই এই সিদ্ধান্তক অসম আন্দোলন (১৯৭৯-৮৫)ৰ সৈতে সংযোগ কৰি কয় যে সেই সময়ত যদি খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’লেহেঁতেন, তেন্তে তেওঁলোকে নিজৰ মাটি বিক্ৰী কৰি ঘৰ এৰি যাবলগীয়া নহ’লহেঁতেন। তেওঁৰ মতে, এই পদক্ষেপে থলুৱা সম্প্ৰদায়ৰ সুৰক্ষা আৰু স্বাধীনতা নিশ্চিত কৰিব।

কিন্তু এই সিদ্ধান্তৰ সমালোচনা কৰি অসমৰ প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকাই কয় যে চৰকাৰে  নাগৰিকসকলক অস্ত্ৰ প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰা উচিত। তেওঁ আৰু কয় যে এনে পদক্ষেপে সমাজত অধিক অশান্তিৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে ৰাজ্য চৰকাৰে কোনো অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা নাই, কেৱল যোগ্য ব্যক্তিসকলক অনুজ্ঞাপত্ৰৰ জৰিয়তে নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ ইংগিত দিয়ে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিলে এনে ধৰণৰ আৰু অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Recent News

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd