বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা! শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, বিহাৰৰ বোধগয়া থানা এলেকাৰ বিএমপি-৩ পেৰেড খেলপথাৰত হোমগাৰ্ড নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা এগৰাকী মহিলাক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত এম্বুলেন্স চালক আৰু টেকনিচিয়ানে ধৰ্ষণ কৰে।
যোৱা ২৪ জুলাইত মহিলাগৰাকীয়ে দৌৰৰ সময়ত অজ্ঞান হৈ পৰাত এই স্থানত নিয়োজিত এম্বুলেন্সত এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক আনন্দ কুমাৰৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি মহিলা প্ৰাৰ্থীগৰাকীয়ে এই আক্ৰমণৰ বিষয়ে আৰক্ষীক অৱগত কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত দুঘণ্টাৰ ভিতৰতে এম্বুলেন্স চালক বিনয় কুমাৰ আৰু টেকনিচিয়ান অজিত কুমাৰক গ্ৰেপ্তাৰ কৰা হয়।
এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে বোধ গয়াৰ এছ ডি পি অ’ সৌৰভ জয়ছৱালৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয়।
প্ৰমাণ সংগ্ৰহৰ বাবে ফৰেনছিক দল এটা প্ৰেৰণ কৰা হয় আৰু অঞ্চলটোৰ চিচিটিভি ফুটেজে অভিযুক্তক চিনাক্ত কৰাত সহায় কৰে। বোধগয়া থানাত প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) দাখিল কৰি তদন্ত অব্যাহত আছে।
এছ এছ পি আনন্দ কুমাৰে কয় যে তদন্ত শীঘ্ৰে সম্পূৰ্ণ হ’ব, শীঘ্ৰে অভিযোগনামা দাখিল কৰা হ’ব আৰু দুয়োজন অভিযুক্তৰ বিৰুদ্ধে দ্ৰুত বিচাৰ আৰু আইনী ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।