• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন ক্লিনিকে চেৰ’গেচিৰ (ভাড়াতীয়া মাতৃ) নামত আনৰ কেঁচুৱা বিক্ৰী কৰি টকা উপাৰ্জন কৰিছিল। দেওবাৰে আৰক্ষীয়ে ক্লিনিকত অভিযান চলাই এগৰাকী চিকিৎসককে ধৰি ৮জন লোকক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাই হায়দৰাবাদৰ উত্তৰ মণ্ডলৰ গোপালপুৰম থানা এলেকাত আলোড়নৰ সৃষ্টি কৰিছে। এহাল দম্পতীৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হয়। আৰু তাৰ পিছত আৰক্ষীয়ে এই ক্লিনিকখন উৎখাত কৰি পেলায়।

Apply Now

জানিব পৰা মতে, এগৰাকী প্ৰজনন চিকিৎসকে চেৰ’গেচিৰ জৰিয়তে এহাল দম্পতীক সন্তানৰ প্ৰতিশ্ৰুতি দিছিল। অভিযোগ অনুসৰি, শেহতীয়াকৈ ডাঃ নম্ৰতাই তেওঁলোকৰ সন্তান দম্পতীহালৰ হাতত গতাই দিয়ে। তেতিয়াই আচল সত্যটো ওলাই পৰিল।

দম্পতীহালে শিশুটিৰ ডি এন এ তেওঁলোকৰ ডি এন এৰ সৈতে মিল নথকা বুলি ধৰা পেলায়। ২০২৪ চনৰ আগষ্ট মাহত সন্তান জন্ম দিয়াৰ আশাত এই দম্পতীহালে গোপালাপুৰমৰ ‘ইউনিভাৰ্চেল সুস্থী ফাৰ্টিলিটি চেণ্টাৰ’ত ডাঃ নম্ৰতাৰ ওচৰলৈ যায়।

অভিযোগ অনুসৰি চিকিৎসকে দম্পতীহালক আইভিএফৰ সলনি চেৰ’গেচি কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে তেওঁ কয় যে ক্লিনিকখনে তেওঁলোকৰ বাবে এগৰাকী চেৰ’গেট (ভাড়াতীয়া) মাতৃৰ ব্যৱস্থা কৰিব।

কিছুদিন পিছত ক্লিনিকে তেওঁলোকক জনাইছিল যে তেওঁলোকে চেৰ’গেট মাতৃ বিচাৰি পাইছে আৰু ভ্ৰূণটো তেওঁৰ শৰীৰত ট্ৰান্সপ্লাণ্ট কৰা হৈছে। তাৰ ঠিক ৯ মাহৰ পাছত চলিত বৰ্ষৰ জুন মাহত ক্লিনিকখনে দম্পতীহালৰ হাতত এটা সন্তান গতাই দিয়ে।

প্ৰথমতে সন্দেহ কৰা নাছিল যদিও শেহতীয়াকৈ এই দম্পতীহালে শিশুটিক লৈ সন্দেহ প্ৰকাশ কৰিছে। শেহতীয়াকৈ দম্পতীহালে এঠাইৰ পৰা শিশুটিৰ ডি এন এ পৰীক্ষা কৰাইছিল। তেতিয়াই গোটেই সত্যটো পোহৰলৈ আহিল। পৰীক্ষাত দেখা গ’ল যে তেওঁলোকৰ কোনো এটা ডি এন এ শিশুটিৰ সৈতে মিল নাছিল।

ইয়াৰ পিছত তেওঁলোকে ক্লিনিকলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে তেওঁলোকক তাৰ পৰা বাহিৰলৈ উলিয়াই দিয়াত দম্পতীহালে আৰক্ষীক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল।

ঘটনাৰ তদন্তৰ সময়তে আৰক্ষীয়ে গম পালে যে নম্ৰতা নামৰ চিকিৎসকজনে ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই অবৈধভাৱে ক্লিনিকখন চলাই আছে। ইয়াৰ পূৰ্বে চিকিৎসাৰ ভুলৰ বাবে বহুবাৰ তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল। ইয়াৰ পিছতো তেওঁ অবৈধভাৱে হায়দৰাবাদ, বিজয়াৱাদা আৰু বিশাখাপট্টনমত ক্লিনিক চলাই আছিল।

আৰক্ষীৰ তথ্য অনুসৰি নম্ৰতাই দম্পতীহালৰ পৰা চেৰ’গেচিৰ বাবে ৩৫ লাখ টকা লৈছিল। অৱশ্যে তেওঁ শিশুটিৰ প্ৰকৃত পিতৃ-মাতৃক মাত্ৰ ৯০ হাজাৰ টকাহে দিছিল।

আৰক্ষীৰ মতে এই প্ৰজনন কেন্দ্ৰটোত এজেণ্ট আছিল। এই এজেণ্টসকলে আগতে সেই মহিলাসকলক বিচাৰি উলিয়ায় যিসকলে টকাৰ বিনিময়ত নিজৰ সন্তানক বিক্ৰী কৰিব বিচাৰে।

জানিব পৰা মতে, শিশুটিৰ প্ৰকৃত পিতৃ-মাতৃ আছিল অসমৰ বাসিন্দা। তেওঁলোকে হায়দৰাবাদত থাকে। সেই দম্পতীৰ পৰাই কেঁচুৱাটো কিনিছিল। ইয়াৰ মাজতে হায়দৰাবাদ আৰক্ষীয়ে নম্ৰতাকে ধৰি মুঠ ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত এজন এনাস্থেচিয়া বিশেষজ্ঞ আৰু শিশুটিৰ জৈৱিক পিতৃ-মাতৃও আছে।

ডাঃ নম্ৰতা আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd