• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি চিন্তিত আৰু ব্যথিত : উচ্ছেদক লৈ অসমৰ বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ গোহাৰি

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 28, 2025 7:54 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত অসমত চলি থকা চৰকাৰৰ স্বেচ্ছাচাৰিতা, অসুস্থ, অস্থিৰ ৰাজনৈতিক পৰিৱেশক লৈ নাৰাজ অসমৰ সচেতন নাগৰিক। বিশেষকৈ শেহতীয়াকৈ অসমৰ বিভিন্ন ঠাইত উচ্ছেদৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি চলে-বলে-কৌশলেৰে বহিৰাগত বণিকগোষ্ঠীক অসমৰ মাটি গতাই দিবলৈ খোজাক লৈ চিন্তিত হৈ নিজ নিজৰ স্বাক্ষৰসহ এক বিবৃতি প্ৰকাশ কৰিছে অসমৰ একাংশ বুদ্ধিজীৱি তথা বিশিষ্ট ব্যক্তিয়ে। তলত উক্ত বিবৃতিটো হুবহু প্ৰকাশ কৰা হ’ল –

আমি চিন্তিত আৰু ব্যথিত

Apply Now

”অতি কৌশলেৰে অসমত এক সাম্প্ৰদায়িক উত্তেজনাৰ পৰিবেশ সৃষ্টি কৰিবলৈ এটা মহল উঠি পৰি লাগিছে। বণিয়াক মাটি দিয়াৰ স্বাৰ্থত, দুৰ্লভ খনিজ খননৰ স্বাৰ্থত ৰাজ্য প্ৰশাসনে জনজাতীয় আৰু পমুৱা অধ্যুষিত অঞ্চলত সমানে উচ্ছেদ চলাইছে। বৰং এতিয়ালৈকে  জনজাতীয় লোকেই বেছিকৈ উচ্ছেদৰ বলি হৈছে। কিন্তু বণিয়াৰ স্বাৰ্থত উচ্ছেদৰ যোগেদি ভূমি অধিগ্ৰহণৰ কথাটো তল পেলাবলৈ শাসকীয় পক্ষই আকৌ সন্দেহযুক্ত বাংলাদেশীৰ আখ্যান আৰম্ভ কৰিছে।

উৰিয়ামঘাটৰ উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত উচ্ছেদিত লোকসকল আশ্ৰয় বিচাৰি চাৰিওফালে চেদেলি ভেদেলি হৈ পৰিছে। অথচ, চৰকাৰে তেওঁলোকৰ জীৱন-জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ সলনি তেওঁলোকৰ বিৰুদ্ধে সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ অভিযোগ আনি অপপ্ৰচাৰ চলোৱা বাবে তেওঁলোক য’লৈকে গৈছে তাতেই  হাৰাশাস্তিৰ সন্মুখীন হৈছে। আনকি কোনো কোনো ঠাইত তেওঁলোকক মাৰপিট পৰ্যন্ত কৰা হৈছে।কিন্তু তেওঁলোক বাংলাদেশী নাগৰিক বুলি কোনেও প্ৰমাণ কৰিব পৰা নাই।

পুনৰ সংস্থাপনকে আদি কৰি উচ্ছেদৰ সময়ত মানি চলিবলগীয়া যাৱতীয় নীতি-নিয়ম সম্পৰ্কে  উচ্চতম  ন্যায়ালয়ৰ  স্পষ্ট নীতি-নিৰ্দেশনা আছে। সেইবোৰ উলংঘা কৰি উচ্ছেদিত লোকসকলক নানা ধৰণে লঘু-লাঞ্চনা কৰা হৈছে। উৰিয়াম ঘাটৰ উচ্ছেদৰ বলিসকলকলৈ সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত উজনি অসমৰ ঠায়ে ঠায়ে  হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ এটা মহল সক্ৰিয় হৈ পৰিছে৷ কিন্তু উচ্ছেদিত ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা আৰু পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ।

চৰকাৰে  সেই দায়িত্ব পালন কৰক। আৰু কোনো পৰিস্থিতিতেই যাতে  অৱস্থাৰ অৱনতি নঘটে তাৰ প্ৰতি চৰকাৰে সতৰ্ক দৃষ্টি ৰাখক৷ জনসাধাৰণৰ সকলো অংশলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে কেতিয়াও যেন জনৰৱ আৰু অপপ্ৰচাৰৰ দ্বাৰা প্ৰৰোচিত নহয় আৰু আইন হাতত তুলি লৈ পৰিস্থিতিৰ অধিক অৱনতি নঘটায়।”

স্বাক্ষৰকাৰীসকল:
ড০ হীৰেন গোহাঁই
ড° অপূৰ্ব কুমাৰ বৰুৱা
অজিত কুমাৰ ভূঞা
আব্দুল মান্নান
হাফিজ ৰছিদ আহমেদ চৌধুৰী
পৰেশ মালাকাৰ
ড° মনোৰমা শৰ্ম্মা
ৰবীন দত্ত
ড° ইন্দ্ৰানী দত্ত
আব্দুল চালাম
জ্যোতিৰ্ময় জানামছদ্দৰ হুছেইন

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd