• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 28, 2025 8:11 pm
96
VIEWS
Share on FacebookShare on Twitter

অপাৰেচন সিন্দূৰকলৈ লোকসভাত গৰজি উঠিল লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ। লোকসভাত দিয়া উদাত্ত ভাষণত কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় দেশবাসীয়ে জানিব বিচাৰে পহলগাম আক্ৰমণৰ ১০০ দিন পাৰ হৈ গ’ল, তথাপিও চৰকাৰে সন্ত্ৰাসবাদীক ধৰিব পৰা নাই কিয়।

যদি তেওঁলোকক পলাবলৈ কোনেও সহায় কৰা নাছিল, তেন্তে তাৰ কোনো উত্তৰ চৰকাৰৰ হাতত কিয় নাই? লোকসভাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিৰোধীক লক্ষ্য কৰি লোৱাৰ সময়তে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিৰোধীৰ ফালৰ পৰা বিতৰ্ক আৰম্ভ কৰে।

তেওঁ বিতৰ্ক আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক প্ৰত্যুত্তৰ দি প্ৰশ্ন কৰে যে কিয় সন্মানীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সদনক কোৱা নাছিল যে কেনেকৈ পহলগামলৈ সন্ত্ৰাসবাদী আহিল? সাংসদ গগৈয়ে লগতে প্ৰশ্ন কৰে যে সেই সন্ত্ৰাসবাদীৰ উদ্দেশ্য কি আছিল সেই কথা প্ৰতিৰক্ষা মন্ত্ৰীয়ে কোৱা নাছিল। গৌৰৱ গগৈয়ে কয়, সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰৰ অৰ্থনীতি ধ্বংস কৰা আৰু দেশৰ সাম্প্ৰদায়িক তন্ত্ৰক বিভাজিত কৰা। বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈয়ে আৰু কয় যে এই সত্য সদনত পৰিষ্কাৰ আহিব লাগে। পহলগাম আক্ৰমণ, অপাৰেচন সিন্দুৰ আৰু বৈদেশিক নীতিৰ সত্য ওলাই আহিব লাগে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বহু তথ্য দিছিল, কিন্তু পহলগামৰ বৈসাৰণলৈ সন্ত্ৰাসবাদী কেনেকৈ আহিছিল সেই কথা কোৱা নাই। প্ৰতিৰক্ষা মন্ত্ৰীয়ে কোৱা নাই যে কেনেকৈ পাঁচজন মানুহে বৈসাৰণত প্ৰৱেশ কৰি ২৬ জন লোকক গুলীয়াই হত্যা কৰিলে। প্ৰশ্ন কৰাটো বিৰোধী হিচাপে আমাৰ কৰ্তব্য, আমি দেশৰ স্বাৰ্থত প্ৰশ্ন কৰিম। দেশে জানিব বিচাৰে পাঁচজন সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিলে? তেওঁ লগতে প্ৰশ্ন কৰে যে পহলগাম আক্ৰমণৰ ১০০ দিন পাৰ হৈ গ’ল, কিন্তু এই চৰকাৰে সন্ত্ৰাসবাদীক কিয় ধৰিব পৰা নাই? গৌৰৱ গগৈয়ে লগতে প্ৰশ্ন কৰে ভাৰতীয় সেনাই কিয় পাকিস্তানৰ দখলত থকা কাশ্মীৰ দখল কৰা নাছিল? সাংসদ গগৈয়ে আৰু কয়, ৰাজনাথ সিঙে কৈছিল যে আমাৰ উদ্দেশ্য যুদ্ধ নহয়। গগৈয়ে কয় আজি যদি আমি পাক অধিকৃত কাশ্মীৰ দখল কৰি নলওঁ, তেন্তে আমি কেতিয়া লম?

Recent News

নিতৌ মদ্যপান কৰে নেকি? মদ্যপায়ী সকলে কেনেদৰে যত্ন ল’ব স্বাস্থ্যৰ

নিতৌ মদ্যপান কৰে নেকি? মদ্যপায়ী সকলে কেনেদৰে যত্ন ল’ব স্বাস্থ্যৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd