উৰিয়ামঘাটৰ সমীপৰ ৰেংমা বনাঞ্চলত ১১ হাজাৰ বিঘা বনাঞ্চল পুনৰ উদ্ধাৰৰ বাবে ৰাজ্যজুৰি চলোৱা অভিযানৰ অংশ হিচাপে অবৈধ বেদখলক লক্ষ্য কৰি মঙলবাৰে পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হয়। কৰ্তৃপক্ষই জনোৱা মতে, আৰু কমেও দুদিন ধৰি চলিবলগীয়া এই অভিযানত প্ৰথম দিনাই প্ৰায় ৪.২ হেক্টৰ মাটি মুকলি কৰি প্ৰায় ২০০খন সৰু আৰু মজলীয়া আকাৰৰ দোকান আৰু ৫০টাতকৈও অধিক ঘৰ ভাঙি পেলায়।
এই অভিযানৰ তদাৰক কৰি মুখ্য বন সংৰক্ষক এম কে যাদভাই এই পদ্ধতিক পৰ্যায়ক্ৰমে আৰু কৌশলগতভাৱে কৰা কৰা হৈছে বুলি মত প্ৰকাশ কৰে। তেঁও আৰু কায় যে আজি নিৰ্দিষ্ট এই অঞ্চলটো সামৰি লোৱা হৈছে, আৰু অশান্তিৰ পৰা হাত সাৰিবলৈ অহা কেইদিনমানৰ ভিতৰত এই প্ৰক্ৰিয়া পদ্ধতিগতভাৱে চলি থাকিব।
উল্লেখনীয় যে অসম-নাগালেণ্ড সীমান্তৰ সমীপত অৱস্থিত ৰেংমা বনাঞ্চলখনক বেদখল আৰু কথিত অসামাজিক কাৰ্যকলাপৰ হটস্পট হিচাপে কৰ্তৃপক্ষই চিনাকি কৰি আহিছে। আজি বন বিভাগে এই উচ্ছেদ অভিযানত ১৫০ টাতকৈও অধিক এক্সকেভেটৰ আৰু বুলডজাৰ নিয়োগ কৰা বুলি জানিব পৰা গৈছে। আইন-শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত একাধিক জিলাৰ নিৰাপত্তাৰক্ষীৰ উপস্থিতি অঞ্চলটোত নিয়োজিত কৰা হৈছিল বুলি সদৰি কৰিছে।
ইফালে বিষয়াসকলে এই অভিযানত কেৱল অবৈধ বেদখলক লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰিলেও একাংশ স্থানীয় বাসিন্দাই নিৰ্বাচিত বলবৎকৰণ আৰু পুনৰ্বাসনৰ বিকল্পৰ অভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। দশক দশক পূৰ্বে মৰিগাঁৱৰ পৰা পৰিয়াল প্ৰব্ৰজন কৰা বুলি দাবী কৰা বাসিন্দা আকবৰ আলীয়ে হতাশা প্ৰকাশ কৰি কয়- “আমি ইয়াত ৪০ বছৰ ধৰি বসবাস কৰি আহিছো— ইয়াত বড়ো, অসমীয়া, হিন্দু, মুছলমান সম্প্ৰদায়ৰ সহাৱস্থান। চৰকাৰে যদি আমাক উচ্ছেদ কৰিব বিচাৰে, তেন্তে তেওঁলোকে যাবলৈ বিকল্প স্থানৰ ব্যৱস্থা কৰা উচিত।