• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 8:35 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পুনৰ প্ৰবঞ্চনা কৰা বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৬ জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে যি মায়াজাল সৃষ্টি কৰিছে সেয়া যথেষ্ট পৰিতাপৰ কথা বুলি উল্লেখ কৰি আজি এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে কয় যে ৰাজ্যখনত মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰিম বুলি বাৰে বাৰে ঠগন দি আহিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ থলুৱা জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি কোনো দায়বদ্ধতা নাই বুলি উল্লেখ কৰি ৰ’জলীনা তিৰ্কীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ অভিকেন্দ্ৰ। তেওঁলোকে জাতীয় সমস্যাসমূহ সমাধান নকৰি অসমত এক ভূমিকম্প হৈ থকাটো বিচাৰে। ইফালে, সংবাদমেলত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে কয় যে লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে সদনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি কি জানিব বিচাৰোঁতে গোমৰ ফাঁক ওলাই পৰিল। গগৈয়ে কয় যে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উকিয়ে কংগ্ৰেছৰ সাংসদ দুজনৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গঠন কৰা দুখনকৈ মন্ত্ৰীগোটৰ প্ৰতিবেদনেই কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই বুলি উল্লেখ কৰে।

Apply Now

২০২৪ চনৰ ৪ জুলাই আৰু ২০২৫ চনৰ মাৰ্চ মাহত গঠন কৰা মন্ত্ৰীগোটে ইচ্ছাকৃতভাৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দাখিল কৰিবলগীয়া পৰামৰ্শাৱলীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। গগৈয়ে কয় যে বিজেপি চৰকাৰৰ এইক্ষেত্ৰত কোনো আন্তৰিকতা নাই। কংগ্ৰেছ চৰকাৰে ১৯৯৬ চনতে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তত্ত্বাৱধানত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰক্ৰিয়াটো আগুৱাই নিছিল যদিও পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে এইক্ষেত্ৰত কোনো আন্তৰিক প্ৰচেষ্টা নেদেখুৱালে। এয়া  গৰিহণাৰ যোগ্য বুলি তেওঁ উল্লেখ কৰে।

ইফালে, সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বিজেপি চৰকাৰখন বাহিৰত ৰং-চং ভিতৰি কোৱাভাতুৰীৰ দৰে। মিছা প্ৰতিশ্ৰুতি আৰু আভুৱা-ভাঁৰা শ্ল’গানেৰে এই চৰকাৰখনে সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি আহিছে। অসম চুক্তিৰ আধাৰত অসমত থলুৱা খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰখনে ন্যায়াধীশ বিপ্লৱ শৰ্মাক লৈ এখন প্ৰতিবেদন কমিটী গঠন কৰিছিল আৰু চাৰি বছৰ পূৰ্বে বিপ্লৱ শৰ্মাই এই প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ দুবছৰৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল, য’ত নেকি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন হৈছিল। কিন্তু এই চৰকাৰখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰাৰ সাহস কৰিব নোৱাৰিলে। বৰাই সৎ সাহস থাকিলে হিমন্ত বিশ্ব শৰ্মাক বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ বাবেও প্ৰত্যাহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd