হঠাৎ সাগৰৰ তলৰ পৰা এটা বিশাল তিমি ওলাই আহিল। ইয়াৰ খুন্দাত ডুবি গ’ল ৫২ ফুট দীঘল এখন বিলাসী জাহাজ। প্ৰশান্ত মহাসাগৰত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা গৈছে যে যোৱা শনিবাৰে নিশা এটা বিশাল স্পাৰ্ম তিমিয়ে টাই টাম নামৰ জাহাজখনত খুন্দা মাৰিছিল। সেই সময়ত জাহাজখনত চাৰিজন নাৱিক আছিল। ১৮ ঘণ্টা ধৰি লাইফ ৰাফ্টত ওপঙি থকাৰ পিছত দেওবাৰে পুৱা এখন কণ্টেইনাৰ জাহাজে নাৱিক চাৰিজনক উদ্ধাৰ কৰে।
এই কাণ্ডৰ ফলত প্ৰশান্ত মহাসাগৰত জাহাজেৰে যাত্ৰা কৰাৰ সময়ত আন নাৱিকসকল আতংকিত হৈ পৰিছে!
বাতৰি অনুসৰি, তিমিৰ খুন্দাত জাহাজখন ডুব যোৱাৰ পিছত উদ্ধাৰ হোৱা চাৰিজন নাৱিকৰ ভিতৰত আছিল অষ্ট্ৰেলিয়াৰ দম্পতী জেমা কুপাৰ আৰু জেৰেমি কুপাৰ। একেলগে নিউজিলেণ্ডৰ টেৰী হেথাৰিংটন আৰু ফ্ৰান্সৰ মাৰ্টিন জাফ্ৰেকো উদ্ধাৰ কৰা হয়।
খবৰ অনুসৰি দেওবাৰে পুৱা জাহাজখন ডুব যোৱাৰ পিছত নৰ্ফক দ্বীপৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হয়।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি যোৱা শনিবাৰে নাৱিকসকলে এই ভয়ানক কাণ্ডৰ বৰ্ণনা কৰিছিল। এই সন্দৰ্ভত এজন নাৱিকে কয় যে শনিবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়াৰ সময়ত হঠাতে সমগ্ৰ জাহাজখন কঁপি উঠিছিল। সেই সময়ত জাহাজৰ ষ্টিয়াৰিং ধৰি থকা অৱস্থাত উফৰি পৰে নাৱিক গেমা কুপাৰ।
প্ৰথম অৱস্থাত তেওঁলোকে জাহাজখনৰ সংঘৰ্ষৰ কাৰণ বুজিব পৰা নাছিল যদিও পিছলৈ তেওঁলোকে পানীত কিছুমান বাদামী দাগ দেখা পাইছিল। আৰু তাৰ পিছত তেওঁলোকে তললৈ চাই দেখিলে যে মূৰটো ওপৰলৈ তুলি এটা বিশাল তিমি ৰৈ আছে।
নাৱিকজনে লগতে কয় যে প্ৰথম তিমিটো দেখাৰ কেইমিনিটমানৰ ভিতৰতে আৰু ৬ৰ পৰা ৭টা ডাঙৰ তিমিৰ এটা দলে তেওঁলোকৰ জাহাজখন ঘেৰি ধৰিলে। কেৱল সেয়াই নহয়, জলজ প্ৰাণীকেইটাই জাহাজখনক অনবৰতে খুন্দিয়াইছিল। ইয়াৰ ফলত জাহাজৰ এটা ফাল ভাঙি পানী সোমাবলৈ ধৰে।
সেই মুহূৰ্ততে জৰুৰীকালীন সংকেত বাজিবলৈ ধৰিলে। আৰু সেই ঘটনাৰ কেইমিনিটমানৰ ভিতৰতে জাহাজখন ডুব গ’ল। সেই সময়ত চাৰিজন নাৱিক কেনেবাকৈ তাৰ পৰা লাইফবোটত উঠি পলায়ন কৰে।
নিউজিলেণ্ডৰ সেনাই জনোৱা মতে, দেওবাৰে টহল দি থকা অৱস্থাত এখন পি-৮এ প’ছিডন বিমানে সেই স্থানলৈ গৈ নাৱিকসকলক বিচাৰি পায়।





