বৰ বেছিদিন আগৰ কথা নহয়। ১৩ জুলাইত খবৰ ওলাইছিল যে তেওঁলোকৰ পথ পৃথক হৈছে। চাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপৰ বিবাহ বিচ্ছেদ ৰাজহুৱা হৈ পৰে। ছ’চিয়েল মিডিয়াত এই বিচ্ছেদৰ কথা ঘোষণা কৰে ছাইনাই।
শনিবাৰে (২ আগষ্টত) গম পোৱা গ’ল যে ছাইনা আৰু কাশ্যপে নিজকে আৰু এটা সুযোগ দিব বিচাৰিছে। একেলগে আগবঢ়াৰ মূল্য তেওঁলোকে বুজি পাইছে। তেওঁলোকে বিবাহিত জীৱনৰ গুৰুত্ব বুজি পাইছে। সেয়ে ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰি চাইনাই কয় যে তেওঁলোকে নিজৰ বিবাহ বচাবলৈ আন এক প্ৰয়াস কৰিছে। তাৰকা বেডমিণ্টন খেলুৱৈগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “কেতিয়াবা দূৰত্বই উপস্থিতিৰ মূল্য শিকায়। আমি আৰু এবাৰ চেষ্টা কৰিছো।”
২০১৮ চনত চাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপৰ বিবাহ হয়। দুয়োজনে হায়দৰাবাদৰ পুল্লেলা গোপিচান্দৰ একাডেমীত প্ৰশিক্ষণ লৈছিল। তাতেই চিনাকি, ভাৱ বিনিময়। পিছত বিবাহ বন্ধনত আৱদ্ধ হয়।
চাইনাই ছ’চিয়েল মিডিয়াত নিজৰ বিচ্ছেদৰ কথা ঘোষণা কৰি লিখিছিল, “কেতিয়াবা জীৱনে আমাক বিভিন্ন দিশলৈ লৈ যায়। বহু চিন্তাৰ অন্তত পাৰুপল্লী কাশ্যপ আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি আমাৰ শান্তি, প্ৰগতি আৰু সুস্থতাক অগ্ৰাধিকাৰ দিছো। সকলো স্মৃতিৰ বাবে মই কৃতজ্ঞ। আমি দুয়ো আগবাঢ়ি যাব বিচাৰো। আমাক বুজি পোৱাৰ বাবে আৰু এই সময়ত আমাৰ সিদ্ধান্তক সন্মান জনোৱাৰ বাবে ধন্যবাদ।”
কিন্তু নতুন মাহ পৰাৰ লগে লগে চাইনাই পূৰ্বৰ সিদ্ধান্তৰ পৰা আঁতৰি অহাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে। অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি চাইনা লাইমলাইটলৈ আহে। কৰ্ণম মলেশ্বৰীৰ পিছত অলিম্পিক পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০১৫ চনত মহিলা একক শাখাত প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে স্থান লাভ কৰিছিল চাইনাই।
আনহাতে, কাশ্যপে ২০১৪ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। তেওঁ ৩২ বছৰৰ পাছত কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। কাশ্যপে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈ হিচাপেও পৰিগণিত হয়। ২০১২ চনত এই অভিলেখ গঢ়িছিল। পিছৰ বছৰত তেওঁ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেংকিঙত উপনীত হয়। ২০১৩ চনত ৰেংকিঙত ছয় নম্বৰলৈ উঠি আহে। কিন্তু আঘাতৰ বাবে তাই ধাৰাবাহিকতা বজাই ৰাখিব পৰা নাছিল। পাৰফৰমেন্স গ্ৰাফটো তললৈ নামি গৈ থাকিল।
২০২৪ চনত চাইনাই কৈছিল যে তেওঁ বাতবিষত আক্ৰান্ত। ভৱিষ্যতৰ বিষয়ে দ্ৰুত সিদ্ধান্ত নিব লাগিব। চাইনাই কয়, ‘মোৰ আঁঠুৰ অৱস্থা ভাল নহয়। মই বাতবিষত আক্ৰান্ত। মোৰ কাৰ্টিলেজৰ অৱস্থা বেয়া। আঠ-ন ঘণ্টা খেলৰ লগত জড়িত হোৱাটো সম্ভৱ নহয়। এই অৱস্থাত মই বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈক কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰো? মই ভাবো মই মানি ল’ব লাগিব। কাৰণ মই মাত্ৰ দুঘণ্টাৰ প্ৰশিক্ষণত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈক প্ৰত্যাহ্বান জনাব নোৱাৰিম।’ তেতিয়াৰ পৰা ক’ৰ্টত দেখা পোৱা নাই চাইনাক। সেই ছাইনাই এইবাৰ সম্পূৰ্ণ বেলেগ কাৰণত শিৰোনামত।