হাৰিয়ানাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মাতৃয়ে মোবাইল ফোন প্ৰদান নকৰাৰ দুখতেই পাহাৰৰ পৰা জাঁপ দি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী ১৬ বছৰীয়া কিশোৰে।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মাতৃক এটা মোবাইল বিচাৰি আছিল কিশোৰটিয়ে। কিন্তু মাতৃয়ে পুত্ৰৰ অনুনয় বিনুনয়ৰ পিছতো দিয়া নাছিলো মোবাইল। যাৰ বাবে পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ পথ বাচি ল’লে কিশোৰগৰাকীয়ে।
হাৰিয়ানাৰ ছত্ৰপতি সম্ভাজিনগৰত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত কিশোৰজনৰ নাম গোপাল টাইডে। পাহাৰৰ পৰা জঁপিয়াই দিয়াৰ পিছত স্থানীয় ৰাইজে গোপালক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
উল্লেখ্য যে যোৱা বছৰ মহাৰাষ্ট্ৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ১৫ বছৰীয়া বিশ্বজিৎ ৰমেশ চামডানৱালেৰ জন্মদিনৰ বাবে মাতৃয়ে মোবাইল ফোন কিনিবলৈ অস্বীকাৰ কৰাৰ ফলত নিজ ঘৰতে আত্মহত্যা কৰিছিল কিশোৰটিয়ে।২০২৩ চনৰ জুলাই মাহত নৱী মুম্বাইত সংঘটিত হৈছিল আন এক কৰুণ ঘটনা। ডেৰ লাখ টকাৰ আইফোন বিচাৰিছিল এজন যুৱকে। কিন্তু সেয়া তেওঁৰ পৰিয়ালৰ সামৰ্থ্য বাহিৰত আছিল। সেয়ে দেউতাকে এণ্ড্ৰইড ফোন এটাকে কিনি দিছিল। কিন্তু যুৱকজনে মানসিক বিকাৰগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাছি লৈছিল।