• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 4, 2025 5:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাহাজাৰো যুৱতী-মহিলাক যৌন নিৰ্যাতন চলাই অৱশেষত জেলৰ স্থায়ী আলহী হ’ল কৰ্ণাটকৰ সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্না। ধৰা পৰাৰ আগলৈকে বিলাসী জীৱন যাপন কৰিছিল প্ৰজ্জ্বল ৰেভান্নাই। প্ৰায় প্ৰতি সাজতেই খাইছিল মাছ-মাংস তথা বিলাসী খাদ্য। এচি ৰুমত বহিছিল, ঘূৰিছিল বিলাসী গাড়ীত। নিতৌ উপভোগ কৰিছিল নতুন নতুন সুন্দৰী।

পিছে এতিয়া নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হৈ কাৰাগাৰৰ অন্ধ কুঠৰীত পৰি আছে এই গৰাকী ৰাজপুত্ৰ। এতিয়াৰ পৰা ৰেভান্নাৰ পৰিচয় হৈছে কয়দী নম্বৰ ১৫৫২৮।  

Apply Now

ধৰ্ষণৰ বাবে প্ৰজ্জ্বল ৰেভান্নাক দিয়া হৈছে সশ্ৰম কাৰাদণ্ড। তেওঁ এতিয়া কাৰাগাৰত কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি যিকোনো কাম কৰিবলৈ বাধ্য। দেওবাৰৰ বাহিৰে সপ্তাহত ৬ টা দিনেই কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই। যাৰ বাবে দিনটোত ৫৪০ টকাতকৈ এটাকাও মজুৰী লাভ নকৰে তেওঁ।

অৱশ্যে জেলৰ সূত্ৰই জনোৱা মতে, প্ৰজ্জ্বলক এতিয়াও কোনো নিৰ্দিষ্ট কাম দিয়া হোৱা নাই। কিন্তু সাধাৰণতে নতুন বন্দীসকলক এনে কাম দিয়া হয় যাৰ বাবে দক্ষতাৰ প্ৰয়োজন নহয়। যেনে ৰুটি বনোৱা বা চিলাই কৰা আদি। এবছৰৰ পাছত তেওঁলোকৰ অৰ্হতা অনুযায়ী কামৰ ব্যৱস্থা কৰা হয়।

প্ৰতি সোমবাৰে দোষীক কাম বিতৰণ কৰা হয়। কাৰাগাৰৰ নিয়ম অনুসৰি কঠোৰ পৰিশ্ৰমৰ শাস্তি পোৱা সকলোৱে বাধ্যতামূলক কাম কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণ নাথাকিলে কয়দীৰ কাম পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হয়।

তাৰ পিছত তেওঁলোকৰ প্ৰাতঃকৰ্ম সম্পূৰ্ণ কৰাৰ পিছত ব্ৰেকফাষ্ট দিয়া হয়। দেওবাৰে নিৰামিষ পুলাও, সোমবাৰে টমেটো চাউল, মঙলবাৰে চিত্ৰন্না, বুধবাৰে পোহা, বৃহস্পতিবাৰে পুলিওগৰ, শুকুৰবাৰে উপমা, শনিবাৰে আৰু ভাংগী চাউল খাবলৈ দিয়া হয়। দুপৰীয়া আৰু ৰাতিৰ আহাৰত ৰুটি বা চাপতি, ৰাগী বল, সাম্বাৰ, বগা চাউল আৰু মাখন দিয়া হয়। নিৰামিষ খাদ্যৰ ভিতৰত মঙলবাৰে কণীও অন্তৰ্ভুক্ত। মাহৰ প্ৰথম আৰু তৃতীয় শুকুৰবাৰে ছাগলীৰ মাংস। দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কুকুৰা মাংস দিয়া হয়।

দুপৰীয়াৰ আহাৰ পুৱা ১১:৩০ বজাৰ পৰা ১২:৩০ বজাৰ ভিতৰত আৰু ৰাতিৰ আহাৰ ৭:৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত দিয়া হয়। কামৰ অন্তত সন্ধিয়া ৬:৩০ বজাত পুনৰ বেৰেকলৈ যাব লগা হয় কয়দীসকল।

জানিব পৰা মতে, ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা আন আন কয়দী সকলৰ দৰেই প্ৰজ্জ্বল ৰেভান্নাইও সপ্তাহত দুটাকৈ ফোন কৰিব পাৰিব। প্ৰতিবাৰেই তেওঁ কথা পাতিবলৈ ১০ মিনিট সময় পাব। সপ্তাহত এবাৰ পৰিয়ালক লগ পোৱাৰ সুযোগ পাব। যদিও প্ৰজ্জলক এতিয়াও কাম দিয়া হোৱা নাই, তথাপিও সূত্ৰৰ পৰা জানিব পৰা মতে কৰ্ণাটকত কঠোৰ কাৰাদণ্ডৰ শাস্তি পোৱা প্ৰায় ১৫০০ দোষীয়ে লাভ কৰা নাই তেওঁলোকৰ মজুৰি, যাৰ পৰিমাণ প্ৰায় ৩ কোটি টকা।

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd