• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 6:30 am
46
VIEWS
Share on FacebookShare on Twitter

বহুতৰে ঘৰত বহি সম্পূৰ্ণ আহাৰ খোৱাৰ পিছত জিৰণি লোৱাৰ অভ্যাস আছে। কিন্তু আগতেও কোৱা হৈছে যে অলপ খোজ কাঢ়িলে শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। এতিয়া এক অধ্যয়নত দেখা গৈছে যে খাদ্য খোৱাৰ পিছত মাত্ৰ ২ৰ পৰা ৫ মিনিট খোজ কাঢ়িলেও তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি।

২০২২ চনত স্প’ৰ্টছ মেডিচিন আলোচনীত প্ৰকাশিত এক মেটা অধ্যয়নত কোৱা হৈছে যে খোজ কঢ়া বা থিয় হোৱা দুয়োটাই বহি থকাৰ তুলনাত তেজৰ গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। অৱশ্যে লঘু খোজ কঢ়াটোৱেই আটাইতকৈ উপকাৰী। অধ্যয়নটোত দেখা গৈছে যে দীৰ্ঘ সময় বহি থকাৰ পৰিৱৰ্তে নিয়মিতভাৱে থিয় হৈ থাকিলে তেজৰ গ্লুক’জৰ মাত্ৰা গড়ে ৯.৫১% হ্ৰাস পায়। কিন্তু সেই সময়ত যদি আপুনি লাহে লাহে খোজ কঢ়ায় তেন্তে আপোনাৰ গ্লুক’জৰ মাত্ৰা প্ৰায় ১৭.০১% হ্ৰাস পায়।

আয়াৰলেণ্ডৰ লিমেৰিক বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী ছাত্ৰ তথা অধ্যয়নৰ সহ-লেখক আইডান বাফীয়ে কয় যে, ‘গোটেই দিনটো বা খাদ্য খোৱাৰ পিছত থিয় হৈ বা অলপ খোজ কাঢ়িলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব পাৰে।’

এই খোজ কঢ়াটো কিয় ইমান গুৰুত্বপূৰ্ণ?

খাদ্য খোৱাৰ ৬০ৰ পৰা ৯০ মিনিটৰ ভিতৰতে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। এই সময়ত শৰীৰ লৰচৰ কৰিলে চেনিৰ মাত্ৰা লাহে লাহে বৃদ্ধি আৰু কমি যায়। ফলত ইনচুলিনৰ প্ৰয়োজনীয়তাও সুস্থিৰ হৈ পৰে। ইনচুলিনৰ মাত্ৰাত দ্ৰুত উঠা-নমা হ’লে ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ব্যায়াম বিশেষজ্ঞসকলৰ মতে আমাৰ পেশীবোৰে কাম কৰিলে তেজৰ পৰা গ্লুক’জ আহৰণ কৰে। এই কাৰণেই দৌৰবিদসকলে দৌৰৰ আগতে ‘কাৰ্বো-লোডিং’ কৰে।

খোজ কঢ়াটো কিমান ফলপ্ৰসূ?

অধ্যয়নত অংশগ্ৰহণকাৰীসকলক দিনটোত প্ৰতি ২০-৩০ মিনিটৰ মূৰে মূৰে ২-৫ মিনিট থিয় হ’বলৈ বা খোজ কাঢ়িবলৈ কোৱা হৈছিল। অৰ্থাৎ তেওঁলোকক গোটেই দিনটো মুঠ ২৮ মিনিট থিয় হৈ বা খোজ কাঢ়িবলৈ কোৱা হৈছিল। দেখা যায় যে খোজকাঢ়ি যোৱাসকলৰ তেজৰ চেনিৰ পৰিমাণ তুলনামূলকভাৱে লাহে লাহে বৃদ্ধি আৰু কমি যায় আৰু ইনচুলিন ব্যৱহাৰত স্থিৰতা বজাই ৰাখে।

দীৰ্ঘম্যাদী লাভ

কেৱল তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাই নহয়, নিয়মিত লঘু শাৰীৰিক কাৰ্য্যকলাপে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। যেনে: ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক, কিছুমান প্ৰকাৰৰ কেন্সাৰ, হাড়ৰ দুৰ্বলতা, হতাশা আদি বিশ্ব স্বাস্থ্য সংস্থা আৰু চিডিচিয়ে কয় যে প্ৰতি সপ্তাহত ১৫০ মিনিট মধ্যমীয়া শাৰীৰিক কাৰ্যকলাপ আৰু সপ্তাহত ২ দিন পেশী শক্তিশালী কৰা ব্যায়াম কৰিলে যিকোনো কাৰণত মৃত্যুৰ সম্ভাৱনা প্ৰায় ৩৩% হ্ৰাস পায়।

গতিকে পিছৰবাৰ খাদ্য শেষ কৰিলে চোফাত বহি নাথাকিব। থিয় হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰক—যদিও মাত্ৰ ২ মিনিট। কাৰণ এই সৰু অভ্যাসে আপোনাক দীৰ্ঘম্যাদী সুস্বাস্থ্য দিব পাৰে।

স্বাস্থ্য সজাগতাৰ প্ৰথম পদক্ষেপ দুই মিনিটৰ খোজৰ পৰা আৰম্ভ কৰিব লাগে।

Recent News

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd