• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫ বা ১০ হাজাৰ নহয়, ছেভিংছ একাউণ্টত ন্যূনতম বেলেঞ্চ হ’ব লাগিব ৫০ হাজাৰ! কোন বেংকে দিলে এই নিৰ্দেশনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 2:53 pm
256
VIEWS
Share on FacebookShare on Twitter

বেংকৰ ছেভিংছ একাউণ্টত যদি ন্যূনতম বেলেঞ্চ নাথাকে তেন্তে জৰিমনা ভৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে কেইবাবছৰ পূৰ্বে এই নিয়ম প্ৰৱৰ্তন কৰিছিল। লক্ষ্য আছিল বেংকৰ লোকচানৰ পৰিমাণ হ্ৰাস কৰা। কিন্তু এতিয়া ব্যক্তিগত বেংকে সেই গাইডলাইন ব্যৱহাৰ কৰি ইচ্ছামতে ন্যূনতম বেলেঞ্চ নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। আইচিআইচিআই বেংকে ঘোষণা কৰিছে যে পূৰ্বতে নিৰ্ধাৰণ কৰা ছেভিংছ একাউণ্টত থকা ন্যূনতম বেলেঞ্চৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰা হৈছে।

এতিয়াৰে পৰা মহানগৰ বা নগৰ অঞ্চলৰ আইচিআইচিআইৰ গ্ৰাহকে ন্যূনতম বেলেঞ্চ ৫০ হাজাৰ টকা ৰাখিব লাগিব। আগতে এই সংখ্যা আছিল ১০ হাজাৰ টকা। গ্ৰাম্য বা অৰ্ধনগৰ অঞ্চলৰ শাখাসমূহত ন্যূনতম বেলেঞ্চ ২৫ হাজাৰ টকা  ৰাখিব লাগিব। পূৰ্বে এই সংখ্যা আছিল ৫ হাজাৰ। গ্ৰাম্য শাখাৰ ক্ষেত্ৰত আগতে ন্যূনতম বেলেঞ্চ আছিল ২.৫ হাজাৰ টকা। সেয়া এতিয়া ১০ হাজাৰ টকা। ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।যদি গ্ৰাহকে মাহৰ শেষত এই ন্যূনতম বেলেঞ্চ বজাই ৰাখিব নোৱাৰে তেন্তে তেওঁলোকে ডাঙৰ জৰিমনা ভৰিব লাগিব।

উল্লেখ্য যে, ২০১৭ চনৰ এপ্ৰিল মাহত প্ৰায় ৫ বছৰৰ পাছত কেন্দ্ৰই ন্যূনতম বেলেঞ্চ ৰক্ষণাবেক্ষণ নকৰাৰ বাবে জৰিমনা বিহাৰ নিয়ম প্ৰৱৰ্তন কৰে। এই সিদ্ধান্তক সমগ্ৰ দেশতে ব্যাপক সমালোচনা কৰা হয়। এই সিদ্ধান্তৰ ফলত নিম্ন আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকক ভয়াৱহ প্ৰভাৱ পৰিব বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। কাৰণ এইসকল লোকৰ বাবে মাহৰ শেষত ন্যূনতম বেলেঞ্চ ৰক্ষা কৰাটো কঠিন। ইয়াৰ ওপৰত যদি জৰিমনা আৰোপ কৰা হয়, তেন্তে দৰিদ্ৰ জনসাধাৰণে সঁচাকৈয়ে এক কঠিন সমস্যাৰ সন্মুখীন হ’ব লাগিব। এতিয়া আইচিআইচিআই বেংকে ন্যূনতম বেলেঞ্চ ইমানেই বৃদ্ধি কৰিছে যে উচ্চ শ্ৰেণীয়েও হয়তো চিন্তা কৰিব লাগিব।

Recent News

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd