• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 7:46 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3.2k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষ মিহলোৱা মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা কৰা হৈছে! পশ্চিমবংগৰ জলপাইগুৰিৰ কোতৱালি থানাৰ মোহিত নগৰ অঞ্চলত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰতিশোধৰ জুই ইমান ভয়ানক হ’ব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিশোধ ল’বলৈ এজন ব্যক্তি কিমান দূৰলৈ যাব পাৰে? এনে ঘটনা নতুন নহয়, কিন্তু এনে দৃষ্টান্ত কিয় বাৰে বাৰে দেখা গৈছে?

Apply Now

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মোহিত নগৰ অঞ্চলৰ এজন লোকে ৰাস্তাৰ কুকুৰবোৰক বিষ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, লোকজনে মাংসৰ লগত বিষ মিহলাই নাৰকীয়ভাৱে নিৰীহ প্ৰাণীকেইটাক হত্যা কৰিছিল।

কিন্তু এনে আসুৰিক আচৰণ কিয় কৰিলে? স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পথত এটা ৰাস্তাৰ কুকুৰে কামোৰাৰ ফলত অভিযুক্তৰ ছাগলীটোৰ মৃত্যু হয়। তেতিয়াই তেওঁৰ মাজত প্ৰতিশোধৰ ভাৱ জাগি উঠে।

অভিযুক্তই মৃত ছাগলীটোক কাটি বিষ মিহলাই মাংসখিনি ৰান্ধি অঞ্চলটোৰ ৰাস্তাৰ কুকুৰকেইটাক খুৱাইছিল। যাৰ বাবে অঞ্চলটোৰ ১২টা কুকুৰৰ মৃত্যু হয়। এই ঘটনাৰ বিৰুদ্ধে পশুপ্ৰেমী সংস্থা স্প’ৰে সৰৱ হৈছে । তেওঁলোকৰ ফালৰ পৰা স্থানীয় আৰক্ষী থানাত গৈ লিখিত অভিযোগ দাখিল কৰিছে।

স্প’ৰৰ এগৰাকী সদস্য কয়, ‘বৃহস্পতিবাৰে আমি খবৰ পাইছিলোঁ যে এই অঞ্চলৰ প্ৰায় ১৩টা কুকুৰক বিষ খুৱাই হত্যা কৰা হৈছে। অৱশ্যে এতিয়াও এটা কুকুৰ জীয়াই আছে। কিন্তু বাকী কুকুৰবোৰৰ মৃত্যু হৈছে। এইটো প্ৰথমবাৰৰ বাবে নহয়। এই ধৰণৰ ঘটনা ইয়াৰ পূৰ্বেও বহুবাৰ সংঘটিত হৈছে। এইবাৰ আমাৰ হাতত সমগ্ৰ ঘটনাৰ প্ৰমাণ আছে।”

সূত্ৰ অনুসৰি ৰাজ্যৰ পশুপ্ৰেমী সংগঠনসমূহে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পৰিৱেশ কৰ্মী মানেকা গান্ধীৰ সৈতে যোগাযোগ কৰিছে। তেওঁ জলপাইগুৰি কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে ৰাজ্যৰ আৰক্ষীক বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd