আমেৰিকাত মেটাৰ এআই চেটবটৰ সৈতে ৮ বছৰীয়া শিশুৰ যৌনগন্ধী বাৰ্তালাপ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিছে।। ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, মেটাৰ ‘এআই-হিউমেনে’ শিশুৰ সৈতে অশ্লীল আৰু যৌন আচৰণত জড়িত হোৱা কথা প্ৰকাশ পোৱাৰ পিছত আৰম্ভ হয় এই বিতৰ্কৰ।
এই খবৰ প্ৰকাশ হোৱাৰ পিছত মেটাই দাবী কৰিছে যে তেওঁলোকে শিশুসকলৰ সৈতে এআইৰ অন্তৰ্ক্ৰিয়াৰ নীতি সলনি কৰিছে। তথাপিও চিনেটৰসকলৰ প্ৰশ্ন – “মেটাই ধৰা পৰাৰ পিছতহে এই পদক্ষেপ ল’বলৈ কেনেকৈ বাধ্য হ’ল?”
মিছৌৰীৰ ৰিপাব্লিকান চিনেটৰ জোছ হ’লীয়ে মন্তব্য কৰি কয়, “মেটাই ধৰা পৰাৰ লগে লগে নিজৰ নীতি প্ৰত্যাহাৰ কৰিব লাগিছিল। এইটো অতি গুৰুতৰ বিষয়, তদন্ত অবিলম্বে আৰম্ভ হ’ব লাগিব।” চিনেটৰ মাৰ্ছা ব্লেকবাৰ্নোয়ে দাবী জনাই কৈছে যে শিশু অনলাইন সুৰক্ষা আইনক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে।
ইতিমধ্যে নিউ জাৰ্ছিৰ থংবু ৱাংবাণ্ডুৰ মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰতো মেটাক জড়িত কৰাৰ চেষ্টা হৈছে। পত্নীৰ মৃত্যুৰ পিছত ৭৬ বছৰীয়া থংবু মেটাৰ চেটবটৰ সৈতে অনলাইন প্ৰেমত পৰিছিল বুলি পৰিয়ালে অভিযোগ তোলে। “বিগ ছিছ বিলি” নামৰ এআই-চৰিত্ৰৰ সৈতে তেওঁৰ কথোপকথন তেওঁৰ জীৱনলৈ গভীৰ প্ৰভাৱ পেলাইছিল।
ৰয়টাৰে মেটাৰ আভ্যন্তৰীণ নীতিৰ ২০০ পৃষ্ঠাৰ নথি পৰ্যালোচনা কৰি জনাইছে যে কিশোৰ-কিশোৰীৰ সৈতে ৰোমান্টিক কথা-বতৰা অনুমোদিত কৰা হৈছিল। লগতে, শিশুৰ লগত এআইৰ যৌন স্বৰূপৰ কথোপকথনৰ উদাহৰণো তাত উদ্ধৃত কৰা হৈছে।
বিশ্লেষকসকলে আশঙ্কা প্ৰকাশ কৰি কৈছে যে এয়া শিশুৰ মানসিক সুৰক্ষাৰ ক্ষেত্ৰত এক বিপদজনক উদাহৰণ। আমেৰিকাৰ ৰিপাব্লিকান চিনেটৰসকলে মেটাক “শিশুৰ অনলাইন সুৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ” বুলি আখ্যা দিয়াৰ লগতে জুকাৰবাৰ্গৰ কোম্পানীৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে।