পুনৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগণা ৰাণাওট। এইবাৰ মহিলাৰ চৰিত্ৰ সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়াইছে সাংসদ গৰাকীয়ে।
অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে ডেটিং, লিভ-ইন ৰিলেচনৰ দৰে প্ৰথা ভাৰতীয় সংস্কৃতি বিৰুদ্ধ। এইবোৰৰ ফলত ভাৰতীয় সংস্কৃতিৰ অৱনতি ঘটিছে।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কংগণাক সোধা হৈছিল যে তেওঁ কোনো ডেটিং এপত প্ৰফাইল খুলিব নেকি! যাৰ উত্তৰত সাংসদ-অভিনেত্ৰীগৰাকীয়ে কয়, “মই কোনো ডেটিং এপত পঞ্জীয়ন কৰিব নিবিচাৰো। সেই সংস্কৃতিয়ে আমাৰ প্ৰকৃত সংস্কৃতিক গ্ৰাস কৰিছে। সকলোৰে কিছুমান প্ৰয়োজন আছে – ই অৰ্থনৈতিক হ’ব পাৰে, ই শাৰীৰিক হ’ব পাৰে নাইবা আন কিবা হ’ব পাৰে। প্ৰতিগৰাকী মহিলাৰ, প্ৰতিজন পুৰুষৰ প্ৰয়োজন আছে। কিন্তু সেই সকলোবোৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ হ’ব? সেইটোৱেই ডাঙৰ প্ৰশ্ন।”
অভিনেত্ৰীগৰাকীৰ ভাষাত, “সেই প্ৰয়োজনবোৰ আমি কেনেকৈ পূৰণ কৰিম? ৰুচিসন্মতভাৱে, নে অশ্লীল আচৰণেৰে? যেনে, প্ৰতি নিশা ঘৰৰ পৰা ওলাই আহি সংগীৰ সন্ধানত। এইটোৱেই আজিকালিৰ ডেটিং। এটা ভয়ংকৰ পৰিস্থিতি! মোৰ বাবে এইটো বৰ ঘৃণনীয় আচৰণ! মই এনেকুৱা মানুহৰ ওচৰলৈও যাব নোৱাৰো!”
ইয়াৰ পিছত সাক্ষাৎকাৰক গৰাকীয়ে কয় যে সকলোৰে নিজৰ নিজৰ ইচ্ছামতে জীৱন যাপন কৰাৰ অধিকাৰ আছে। লগে লগে কংগনাই কয়, “আপুনি ট্ৰ’ল হোৱাৰ ভয়ত এই কথা কৈছে। আপোনাৰ ভাতৃ বা ভনীয়ে এই কাম কৰাটো বিচাৰিবনে? মই ভাবো কোনোবাই কোনো সমস্যা হ’লেহে ডেটিং এপত যায়। যিসকলে আনৰ পৰা বৈধতা বিচাৰে, যিসকলৰ আত্মবিশ্বাসৰ অভাৱ, তেওঁলোকে যায়। আপুনি অফিচ, কলেজ বা আপোনাৰ মা-দেউতাই চাই দিয়া মানুহৰ মাজত এজন সংগী বিচাৰি পাব পাৰে।”
অভিনেত্ৰীগৰাকীয়ে কয়, “ডেটিং এপত মোৰ দৰে কাকো নাপাব। ই অসাৰ মানুহেৰে ভৰি আছে, যিয়ে জীৱনত একো কৰিব পৰা নাই, একো অৰ্জন কৰা নাই। ক’তো কাকো নাপালে ডেটিং এপত দেখা দিয়ে। কেনেকুৱা চৰিত্ৰ বুলি ভাবে!”