ছত্তীশগড়ৰ বিজাপুৰত পুনৰ আক্ৰমণ চলাইছে মাওবাদীয়ে। এইবাৰ বিজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে পুৱা তাত সংঘটিত হয় এক আই ই ডি বিস্ফোৰণ। ইয়াৰ আঁৰত মাওবাদী থকা বুলি কোৱা হৈছে। এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ খবৰ পোৱা গৈছে। আন দুজন জোৱান আহত হৈছে।
ছত্তীশগড় জিলা আৰক্ষীৰ ৰিজাৰ্ভ গাৰ্ড দীনেশ নাগৰ নিহত জোৱানৰ তালিকাত আছে। সোমবাৰে ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান চৌহদত সংঘটিত হয় এই বিস্ফোৰণ। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, সোমবাৰে পুৱা ডি আৰ জি দীনেশ নাগৰ নেতৃত্বত এটা দলে মাওবাদী শিবিৰত অভিযান চলায়। সেই সময়তে সংঘটিত হৈছিল বিস্ফোৰণ।
উল্লেখ্য যে মাওবাদী নিৰ্মূল অভিযানৰ লক্ষ্য দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু সেই লক্ষ্যৰে ছত্তীশগড়ৰ বনাঞ্চলত নিতৌ চলি আছে মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলীৰ সংঘৰ্ষ।
মাত্ৰ ২ দিন পূৰ্বে ছত্তীশগড়ৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত দুজন মাওবাদী নেতা নিহত হৈছিল। তেওঁলোকৰ মূৰৰ দাম আছিল ৩৫ লাখ টকা। ছত্তীশগড়ৰ মোহলা-মানপুৰ-আম্বাগড় চৌকী জিলাৰ মদনৱাড়া বনাঞ্চলত মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি গোপন সূত্ৰৰ পৰা নিৰাপত্তাৰক্ষীয়ে গোপন খবৰ লাভ কৰে। সেই তথ্যৰ ভিত্তিত যোৱা সপ্তাহত বুধবাৰে নিশা যৌথ বাহিনীয়ে বনাঞ্চলত অভিযান চলাইছিল।
বনাঞ্চলত অভিযান চলাই মাওবাদীৰ সৈতে গুলীয়াগুলী আৰম্ভ হয়। য’ত মাওবাদী নেতা বিজয় ৰেড্ডী আৰু লোকেশ চালাম নিহত হয়। বিজয় মাওবাদীৰ দণ্ডকাৰণ্য বিশেষ খণ্ড সমিতিৰ সদস্য আছিল। তেওঁৰ মূৰৰ দাম আছিল ২৫ লাখ টকা। লোকেশ মাওবাদীৰ এখন আঞ্চলিক সমিতিৰ সদস্য। তেওঁৰ মূৰৰ দামো আছিল ১০ লাখ টকা।
যৌথ বাহিনীৰ অবিৰত অভিযানৰ ফলস্বৰূপে এতিয়া মাওবাদী কাৰ্যকলাপ বহু পৰিমাণে হ্ৰাস পাইছে। জানিব পৰা মতে, যোৱা বছৰ বষ্টাৰ সংমণ্ডলৰ সাতখন জিলাত মুঠ ৭৯২জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল। ইয়াৰ উপৰিও চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নম্বালা কেশৱ ৰাও ওৰফে বাছবৰাজু, পলিটব্যুৰোৰ সদস্য চালাপতি, কেন্দ্ৰীয় সমিতিৰ সদস্য নৰা সিংহাচলম ওৰফে সুধাকৰৰ দৰে শীৰ্ষ নেতা যৌথ বাহিনীৰ অভিযানত নিহত হয়।