• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2025 10:47 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থ্ৰী ইডিয়টছ ছবিৰ জনপ্ৰিয় সংলাপ ‘আৰে কেহনা ক্যা চাহতে হো’ৰ অভিনেতা অচ্যুত পটদাৰৰ পৰলোক ঘটিছে। সোমবাৰে ৯১ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কিছুমান শাৰীৰিক জটিলতাৰ বাবে তেওঁক থানেৰ জুপিটাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাতেই তেওঁৰ মৃত্যু হয়।

অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আজি অৰ্থাৎ মঙলবাৰে থানেত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। তেওঁৰ মৃত্যুৰ খবৰটো প্ৰথমে ইনষ্টাগ্ৰামত এটা ব্যক্তিগত চেনেলৰ শ্ৰদ্ধাঞ্জলি পোষ্টৰ জৰিয়তে পোহৰলৈ আহে।

Apply Now

চাৰি দশকৰো অধিক দীঘলীয়া কেৰিয়াৰত অচ্যুত পটদাৰে ১২৫খনতকৈও অধিক হিন্দী আৰু মাৰাঠী ছবিত কাম কৰিছে। বাণিজ্যিক আৰু সমালোচকৰ প্ৰশংসিত দুয়ো ধৰণৰ ছবিতে তেওঁ সমান দক্ষতাৰে অভিনয় কৰিছে। তেওঁ অভিনয় কৰা ছবিৰ ভিতৰত আক্ৰোশ, এলবাৰ্ট পিণ্টো কো গুছা কিউন আটা হায়, অৰ্ধসত্য, তেজাব, পৰিন্দা, ৰাজু বান গয়া জেন্টলমেন, দিলৱালে, ৰংগীলা, প্ৰভু, হম সাথ সাথ হায়, পৰিনীতা, লাগে ৰাহো মুন্না ভাই, দাবাং ২ আৰু ভেন্টিলেটৰ আদিৰ দৰে বিখ্যাত ছবি আছে।

২০০৯ চনত মুক্তি পোৱা থ্ৰী ইডিয়টছত এগৰাকী কঠোৰ অধ্যাপক হিচাপে তেওঁৰ অভিনয় এতিয়াও দৰ্শকৰ মনত খোদিত হৈ আছে। বিশেষকৈ তেওঁৰ সংলাপ “আৰে, কেহানা কিয়া চাহতে হো” অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। যিটো এতিয়াও ছ’চিয়েল মিডিয়াত মিম হিচাপে প্ৰচাৰিত হৈ আছে।

কেৱল ছবিতে নহয়, টেলিভিছনতো তেওঁৰ শক্তিশালী উপস্থিতি আছিল। ভাৰত এক খোজ, অল দ্য বেষ্ট (দূৰদৰ্শন), প্ৰধান মন্ত্ৰী (জী টিভি), আগলে জনম মোহে বেটিয়া হি কিজো (জী টিভি), আহত (১৯৯৫-২০০১, চনী টিভি), ৱাগলে কি দুনিয়াৰ পৰা আৰম্ভ কৰি মাঝা হোশীল না (জী মাৰাঠী) – এই সকলোবোৰতে তেওঁৰ সহজ, উজ্জ্বল অভিনয়েসকলোকে আকৃষ্ট কৰিছিল।

অভিনয়ৰ ক্ষেত্ৰলৈ অহাৰ পূৰ্বে পটদাৰ সম্পূৰ্ণ বেলেগ পেছাত জড়িত আছিল। প্ৰাথমিক জীৱনত মধ্যপ্ৰদেশৰ ৰেৱাত শিক্ষকতা কৰিছিল। পিছলৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰি ১৯৬৭ চনত অধিনায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত প্ৰায় ২৫ বছৰ ইণ্ডিয়ান অইলত উচ্চ পদবীত কাম কৰি ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে।

৪৪ বছৰ বয়সত তেওঁ ছবি জগতত প্ৰৱেশ কৰে আৰু তাৰ পৰাই তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। অচ্যুত পটদাৰৰ মৃত্যুত চিনেমা আৰু টেলিভিছন জগত শোকস্তব্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd