টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছত ইলন মাস্কে ভাৰতীয় মূলৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰিছিল। এইবাৰ পৰাগ আগৰৱালাই ‘মেগা কামবেক’ কৰিছে! পৰাগে এইবাৰ ২৬০ কোটিৰ এআই ষ্টাৰ্টআপেৰে মাস্কক ডাঙৰ প্ৰত্যাহ্বান দিবলৈ সাজু হৈছে!
পৰাগ আগৰৱালে টুইটাৰত অভিযন্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০২১ চনত তেওঁ চিইঅ’ হয়। কিন্তু তাৰ পিছত ২০২২ চনত ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰাৰ পিছত ইলন মাস্কে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। তেতিয়াৰ পৰাই পৰাগ আগৰৱালা লোকচক্ষুৰ আঁৰত আছিল। কিন্তু এইবাৰ তেওঁ নিজৰ নতুন উদ্যোগ লৈ আগবাঢ়ি আহিছে।
ভাৰতীয় মূলৰ প্ৰযুক্তিবিদ পৰাগ আগৰৱালাই ‘Parallel Web Systems Inc’ নামৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছে। যিটো হৈছে পালো আল্টো-ভিত্তিক ষ্টাৰ্টআপ। ইয়াৰ মূল লক্ষ্য হৈছে এআই কোম্পানীসমূহৰ বাবে আন্তঃগাঁথনি যোগান ধৰা।
পৰাগ আগৰৱালাই ২০২৩ চনত এই পেৰেলেল ৱেব চিষ্টেমছ আৰম্ভ কৰিছিল। ইতিমধ্য এই ষ্টাৰ্টআপে খোছলা ভেঞ্চাৰছ, ফাৰ্ষ্ট ৰাউণ্ড কেপিটেল আৰু ইনডেক্স ভেঞ্চাৰছকে ধৰি বিশিষ্ট বিনিয়োগকাৰীৰ পৰা ৩ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৬০ কোটি টকা) সংগ্ৰহ কৰিছে।
পৰাগ আগৰৱালাৰ এই ষ্টাৰ্টআপৰ লক্ষ্য হৈছে বৃহৎ পৰিসৰৰ গৱেষণাত এআই ব্যৱস্থাসমূহক সহায় কৰা। য’ত ৰিয়েল টাইম ডেটাৰ চাহিদা পূৰণ কৰাটো এটা মূল প্ৰত্যাহ্বান। পৰাগ আগৰৱালাৰ বাবে ‘Parallel Web Systems Inc’ কেৱল এটা ব্যৱসায় নহয়, ই তাতোকৈ অধিক। এক কথাত ক’বলৈ গ’লে এইটো তেওঁৰ প্ৰত্যাৱৰ্তন।
এতিয়া এআইৰ যুগ। আৰু কোৱা বাহুল্য যে পৰাগ আগৰৱালে ‘Parallel Web Systems Inc’ সৃষ্টি কৰি AI ৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে নিজৰ নাম উজলাইছে।