• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2025 2:20 pm
236
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আনি আছে নতুন আইন। যি আইনে দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰা কেবিনেট, ৰাজ্য মন্ত্ৰীলৈকে কাকো নিদিব ৰেহাই। যি তিনিখন আইনৰ দ্বাৰা অপৰাধত লিপ্ত হোৱা প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ মন্ত্ৰীলৈকে সকলোকে কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰিব।

বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত তিনিখন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বিৰোধীয়ে SIR আৰু নিৰ্বাচন আয়োগৰ ভোট চুৰি কাণ্ডৰ বিৰুদ্ধে উত্তাল কৰি ৰখাৰ বাবে স্থগিত ৰখা হৈছে সংসদৰ দুয়োখন সদন। যাৰ ফলত এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে লোকসভাত উত্থাপন কৰা হোৱা নাই এই বিধেয়ক তিনিখন।

Apply Now

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিবলগীয়া এই বিধেয়ক তিনিখনৰ দ্বাৰাই নাকি লগোৱা হ’ব দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে তেওঁলোকৰ সতীৰ্থ মন্ত্ৰীসকলক। মোদী চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা এই তিনিখন আইনৰ অধীনত গুৰুতৰ অপৰাধত লিপ্ত থকা প্ৰধানমন্ত্ৰীৰ পৰা, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে তেওঁলোকৰ সতীৰ্থ মন্ত্ৰীসকলকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰিব আৰক্ষীয়ে। তেওঁলোকক অপসাৰণ কৰাৰো ব্যৱস্থাও থাকিব প্ৰস্তাৱিত আইন তিনিখনত।

বিধেয়ককেইখনত কোৱা হৈছে যে অভিযুক্ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিন জিম্মাত ৰাখিব পাৰিব। আৰু অভিযোগ প্ৰমাণ হ’লে কাৰাবাসৰ দৰে শাস্তিও ভোগ কৰিব লাগিব। পাঁচ বছৰ বা তাতোতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধ সংঘটিত কৰিলে তেওঁলোকক ৩১ দিনৰ ভিতৰত পদৰ পৰা অপসাৰণ কৰিব পাৰিব। অৱশ্যে বিধেয়ককেইখনত কোৱা হৈছে যে পৰৱৰ্তী সময়ত জিম্মাৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকক পুনৰ নিযুক্তি দিবও পাৰিব।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লোকসভাৰ কাৰ্যালয়লৈ পত্ৰ লিখি চলিত অধিবেশনত উক্ত তিনিখন  বিধেয়ক গৃহীত কৰা হ’ব বুলি জনাইছে। এই বিধেয়ককেইখন হৈছে সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৫, জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৫ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৫। মঙলবাৰে লোকসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰা গৃহমন্ত্ৰী শ্বাহে প্ৰেৰণ কৰা বিধেয়কখনৰ বিবৃতিত কোৱা হৈছে যে, নিৰ্বাচিত প্ৰতিনিধিসকলে ভাৰতৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। আশা কৰা হয় যে, তেওঁলোকে ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত থাকি কেৱল জনস্বাৰ্থৰ বাবে আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে। এই পদত অধিষ্ঠিত মন্ত্ৰীসকলৰ চৰিত্ৰ আৰু আচৰণ কোনো সন্দেহৰ বাহিৰত হ’ব নেলাগে।

লগতে কোৱা হৈছে যে গুৰুতৰ অপৰাধৰ অভিযোগৰ সন্মুখীন হোৱা, গ্ৰেপ্তাৰ কৰি জিম্মাত ৰখা এজন মন্ত্ৰীয়ে সাংবিধানিক নৈতিকতা আৰু সুশাসনৰ নীতি-নিয়মক বিফল বা বিঘ্নিত কৰিব পাৰে। আৰু শেষত তেওঁৰ ওপৰত মানুহে ৰখা সাংবিধানিক আস্থা হ্ৰাস কৰিব পাৰে। কিন্তু সংবিধানত গুৰুতৰ অপৰাধমূলক অভিযোগত গ্ৰেপ্তাৰ কৰি আটক কৰি ৰখা মন্ত্ৰীক অপসাৰণৰ কোনো ব্যৱস্থা নাই। উপৰোক্ত কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ ৭৫, ১৬৪ আৰু ২৩৯এ এ অনুচ্ছেদ সংশোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এজন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বা ৰাজ্যৰ ৰাজধানী আৰু ৰাষ্ট্ৰীয় ৰাজধানী পৰিষদৰ কোনো মন্ত্ৰীক অপসাৰণৰ বাবে আইনী কাঠামো প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে। ইপিনে আন দুখন বিধেয়কত কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীক অপসাৰণ আইনী ব্যৱস্থাক সংজ্ঞায়িত কৰা হৈছে।নৰেন্দ্ৰ মোদী চৰকাৰৰ এই তিনিখন বিধেয়ক আইনত পৰিণত কৰি প্ৰথমে বিৰোধী শাসিত মুখ্যমন্ত্ৰী আৰুমন্ত্ৰীসকলক লক্ষ্য কৰি ল’ব নেকি বুলিও এতিয়া সৰৱ চৰ্চা হৈছে। কিয়নো মোদী চৰকাৰে তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি বিৰোধী শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ উদাহৰণ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd