• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 7:25 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ আৰ্থ সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বোকাখাতবাসী ৰাইজৰ লগত বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে আজি (বৃহস্পতিবাৰে) ঐতিহাসিক ধনশিৰীমুখত এখনি ৰাজহুৱা সভা আয়োজন কৰে। উক্ত সভাত বোকাখাতৰ কাজিৰঙা দাঁতি-কাষৰীয়া ৰাইজ উপস্থিত থাকে।

সভাত ৰাভা-হাচংৰ জন নেতা গোবিন্দ ৰাভা আৰু পক্ষিৰাজ ৰাভা উপস্থিত থাকে। তেওঁলোকে বৰ্তমান অসমৰ জনগণৰ ওপৰত পৰা মাটি বাৰীৰ সমস্যা আৰু তাৰ সমাধানৰ বাবে ৰাইজৰ গণতান্ত্ৰিক কাৰ্যসূচী অনিবাৰ্য বুলি কৈ ৰাইজক ঐক্যবদ্ধ হ’বৰ বাবে আহ্বান জনায়। গোবিন্দ ৰাভাই কয়‌ আদানী, আম্বানি, ৰামদেৱৰ দৰে বহিৰাগত বনিয়াৰ হাতত আমাৰ মাটি গতাই দিয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব।

Apply Now

দিল্লীৰ পৰা অহা বন অধিকাৰ কৰ্মী আশা আৰু যোহেবে কাজিৰঙাৰ বন অধিকাৰ তথা মানব অধিকাৰৰ পৰিস্থিতিৰ বিষয়ে ৰাইজৰ পৰা শুনাৰ পাছত আচাৰ্য প্ৰকাশ কৰে আৰু স্পষ্ট ৰূপত বন অধিকাৰ আইন কাজিৰঙাত বলবৎ হ’ব লাগে বুলি মত‌ প্ৰকাশ কৰে।

বোকাখাতৰ যুবনেতা তথা সংগঠনটোৰ উপদেষ্টা প্ৰনব দ’লেই বৰ্তমান অসমত চলি থকা পৰিস্থিতিৰ সন্দৰ্ভত বিস্তৃত ৰূপত এটি আভাস দাঙি ধৰে। তেওঁ কয়, এতিয়া অসমত কেৱল এটা ৰাজনৈতিক পৰিয়াল আৰু কেইজনমান গুজৰাটী বনিয়াৰ ৰাজত্ব চলিছে। তেওঁ লগতে বিশ্লেষণ কৰি দেখুৱায় কেনেদৰে নৱ উদাৰীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা অসমৰ সকলো ভূমি আৰু সম্পদৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে।‌

তেওঁ কয় যে স্বনিৰ্ভৰশীল অসমীয়া জনগণক এতিয়া সস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰ কৰা হৈছে আৰু নূন্যতম অধিকাৰ সমূহৰ উলংঘা কৰাৰো আইনী নক্সা তৈয়াৰ কৰি পেলোৱা হৈছে। ভূমি আইন, শ্ৰমিক আইন, বন আইন, পুলিচ-আদালত সকলো জনগণৰ পৰা এতিয়া বৃহৎ পূঁজিবাদিৰ পক্ষত সংশোধন কৰা হৈছে।

তদুপৰি, ধৰ্মীয় উন্মাদনাৰ সৃষ্টিৰে সামাজিক ব্যৱস্থা, শৈক্ষিক অনুষ্ঠান, গীৰ্জা, মছজিদ, নামঘৰৰ আভ্যন্তৰীণ কাঠামো সলনি কৰি সংঘাতপূৰ্ণ এটি পৰিস্থিতিৰ উদ্ভৱ কৰি তুলিছে বুলিও তেওঁ মত‌ প্ৰকাশ কৰে।

ইয়াৰ পাছতে গাওঁৰ ৰাইজে তেওঁলোকৰ বক্তব্য উপস্থাপন কৰি বিভিন্ন জনে ব্যক্ত কৰে‌ কিদৰে দিনক দিনে কাজিৰঙাৰ বন বিভাগে স্থানীয় ৰাইজৰ অধিকাৰ খৰ্ব কৰি আহিছে। সভাৰ শেষত সংগঠনটোৰ বৰ্তমানৰ সম্পাদক ৰাজীৱ পেগুৱে ৰাইজক একত্ৰিত ভাবে কাম কৰিবলৈ আহ্বান জনায়। সভাৰ দাবী সমুহ ৰাইজৰ আগত পঢ়ি সন্মতি লোৱাৰ পাছত তলৰ প্ৰস্তাৱসমূহ লোৱা হয়।

১. যৌথভাবে কাজিৰঙা দাঁতি-কাষৰীয়া ৰাইজৰ ভূমি অধিকাৰ তথা মানব অধিকাৰৰ দাবী অসম চৰকাৰেলৈ প্ৰেৰণ কৰা হয়।

২. কহঁৰা ইংলে পথাৰ, বৰবিল মিচিং গাওঁ, ভুঞা গাঁৱৰ উচ্ছেদ বন্ধ কৰি মাটিৰ পট্টন দিয়াৰ দাবী।

৩. পানবাৰী নিগমৰ পৰিয়াল সমূহৰ ভুমি অধিকাৰ দিয়াৰ দাবী।

৪. বংকোৱাল, ৰিৰি গাঁৱত নতুনকৈ সাজিবলৈ লোৱা VGR বাতিলৰ দাবী।

৫. সমগ্ৰ অসমত চলি থকা অসাংবিধানিক উচ্ছেদ আৰু ধৰ্মীয় উন্মাদনা বন্ধৰ দাবী।

৬. বনৰীয়া জন্তু আৰু মানৱ সংঘাতৰ উচিত ক্ষতিপুৰণ আৰু পুনসংস্থাপনৰ আইন প্ৰনয়ন কৰাৰ দাবী।

উক্ত সভাই এই সমুহ সমস্যাৰ ওপৰত বিশদ আলোচনা কৰাৰ‌ লগতে অনাগত দিনত যদি দাবী সমুহ পালন নকৰে তেন্তে গণতান্ত্ৰিক আন্দোলন কৰাৰ সংকল্প লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd