• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 10:16 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি দলত গৰু চোৰৰ লগতে ভোট চোৰো আছে। অসমৰ ৰাইজে এতিয়া এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে। চৰাইদেউত আজি এইদৰে শাসনাধিষ্ঠিত বিজেপি দলক কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

“ভোট চোৰ-চকী এৰক” শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ গগৈয়ে বিজেপি চৰকাৰৰ অপশাসন, ভুৱা-প্ৰতিশ্ৰুতি আদিৰ বিৰুদ্ধে সৰৱ হৈ কয় যে, এখন গণতান্ত্ৰিক দেশত ভোট চুৰি কৰি শাসনৰ গাদীত বহাতো কেনে বিপদজনক সেইয়া দেশবাসীয়ে আজি দুৰ্ভাগ্যজনকভাবে প্ৰত্যক্ষ কৰিবলগীয়া হৈছে। কেন্দ্ৰত বিজেপি নেতৃত্ব যেনেদৰে অহংকাৰী-স্বেচ্চাচাৰী হৈ পৰিছে, তেনেদৰে ৰাজ্যতো মুখ্যমন্ত্ৰীগৰাকী চূড়ান্তভাবে দাম্ভিক-অহংকাৰী-স্বেচ্চাচাৰী হৈ কামকাজ পৰিচালনা কৰিছে। ভোটাৰ ৰাইজৰ ভোটৰ মূল্য এতিয়া বিজেপি চৰকাৰখনে দিব নিবিচাৰে।

Apply Now

সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈয়ে বিগত ২০১৮ বৰ্ষত এনআৰচিৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত ৪০ লাখ লোকৰ নাম বাদ পৰি ৰোৱা ঘটনাটো উনুকিয়াই কয় যে, বিজেপি চৰকাৰখনে প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহ আৰু শংকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰিছে। বহু গোৰ্খা সম্প্ৰদায়ৰ লোক এনআৰচিৰ পৰা বঞ্চিত হৈছে, তেওঁলোকক আমি ন্যায় দিব লাগিব। বিজেপিয়ে ঐতিহাসিক অসম চুক্তিক অপমান কৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিছে। স্বয়ং দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক। বিজেপি চৰকাৰখনে অসমৰ ভাষিক সংখ্যালঘু লোকক ভয় আৰু আতংকময় পৰিবেশলৈ ঠেলি দিছে। এইখন চৰকাৰে জাতি-মাটি-ভেটিৰ কথা কয়, কিন্তু এই বিজেপি চৰকাৰখনেই যেনেকৈ ভাষিক সংখ্যালঘু লোকক উচ্ছেদ কৰিছে, তেনেদৰে আদিবাসী চাহ শ্ৰমিক, খিলঞ্জীয়া লোককো উচ্চেদ কৰিছে। এই উচ্ছেদ কাৰ্যৰ প্ৰধান কাৰণ দুটা। প্ৰথমটো কাৰণ, আদানি আৰু আম্বানিক মাটি বিক্ৰী কৰা আৰু দ্বিতীয় কাৰণটো হ’ল নিজৰ পৰিয়ালৰ নামত চাহ বাগান খোলা, ৰিজৰ্ট স্থাপন কৰা। চাহ বাগান, ৰিজৰ্ট আদি স্থাপনৰ জৰিয়তে ক’লা ধন বগা কৰাৰ প্ৰক্ৰিয়াটো যুক্ত হৈ থকা বুলি দাবী কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে, পূৰ্বতে প্ৰধানমন্ত্ৰী মোডীয়ে ক’লা ধন বিদেশৰ পৰা ঘূৰাই অনা হ’ব বুলি দম্ভালি মাৰিছিল। কিন্তু এতিয়া ক’লা ধনৰ সন্দৰ্ভত মোদীৰ বক্তৱ্য লঘু আৰু বিপৰীত।

প্ৰধানমন্ত্ৰীৰ বক্তৱ্য সদায়ে পৰিস্থিতি অনুসৰি সলনি হৈ থাকে বুলিও কটাক্ষ কৰে সাংসদ গগৈয়ে। অতি সম্প্ৰতি গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ সাংসদ গৌৰৱ গগৈয়ে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান সমস্যা ডাঙৰ ডাঙৰ পুখুৰী খান্দিলেই সমাধান হ’ব বুলি যি সমাধান সূত্ৰ দিছিল সেই সূত্ৰ ক’ৰবাত প্ৰযোজ্য হোৱাৰ উদাহৰণ দিয়ক। গৃহমন্ত্ৰীৰ নিয়ন্ত্ৰণত থকা ৰাষ্ট্ৰীয় দুৰ্য়োগ প্ৰশমন বিভাগটোৱে দেশৰ আন ৰাজ্যত বানপানীৰ সময়ত যি ধৰণেৰে কেন্দ্ৰীয় সাহায্যৰ পুঁজি মোকলাই দিয়ে, তেনেদৰে অসমৰ ক্ষেত্ৰতো পৰ্যাপ্ত সাহায্য আদি মোকলাই দিয়াৰ ব্যৱস্থা কৰক। প্ৰয়োজন হ’লে অধিক পুঁজি মোকলাই দিয়াৰ পদক্ষেপ গ্ৰহণ কৰক। কিন্তু ৰাজ্য চৰকাৰে বানপানী তথা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সাহায্য আদি দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে কৃপণালি কৰে।

বানপানী, কৃত্ৰিম বানপানীৰ বাবে হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈকো দাবী জনায় গৌৰৱ গগৈয়ে। অসমৰ গৰাখহনীয়া অসমবাসীৰ বাবে এক ডাঙৰ, প্ৰত্যাহ্বানমূলক সমস্যা হৈ থিয় দিছে বুলি কৈ অসমৰ বানপানী, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি প্ৰদান কৰাৰ পদক্ষেপ ল’ব লাগে বুলি সাংসদ গৌৰৱ গগৈয়ে সজোৰে দাবী উত্থাপন কৰে।

সংবাদমাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, অসমৰ আন্তঃগাথনি নিৰ্মাণৰ নামত বৃহৎ বনাঞ্চল, পাহাৰ আদি কাটি পেলোৱা হৈছে। প্ৰকৃততে অসমত আন্তঃগাথনিৰ উন্নয়ন হোৱা নাই, পাৰিপাৰ্শ্বিক ভাৰসাম্যযুক্ত উন্নয়ন হোৱা নাই, ঠিকাদাৰকেন্দ্ৰিক উন্নয়নহে অসমত হৈছে। য’ত ডাঙৰ ঠিকাদাৰ আছে, তাতেই কাম হৈছে কেৱল লুণ্ঠনৰ স্বাৰ্থত। সৰ্বসাধাৰণ লোকৰ সমস্যাৰাজিৰ কোনো সমাধান হোৱা নাই বুলি উনুকিয়াই দি সাংসদ গগৈয়ে অনাগত সময়ত ইয়াতকৈয়ো অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট কৰে আৰু ইয়াক লৈ কংগ্ৰেছ দল যথেষ্ট চিন্তিত বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, ইয়াৰ বাবে কংগ্ৰেছ দলে পৰিকল্পিত বিজ্ঞানসন্মত আচঁনি যুগুত কৰিছে। আগন্তক বিধানসভাৰ নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে কয় যে, মিত্ৰতা মানেই কেৱল নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে আসনৰ দৰদাম নহয়। প্ৰকৃতপক্ষে প্ৰতিটো ৰাজনৈতিক দলৰ তৃণমূল পৰ্যায়ত সাংগঠনিক ভেঁটি কিমান সবল, নিৰ্বাচনীত বিজয়ী হোৱাৰ বাবে প্ৰয়োজনীয় দফা, চৰ্ত আদিৰ বাস্তৱ ভিত্তি আছে নে নাই সকলো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ অন্ততহে আসনৰ বুজাবুজি হ’ব পাৰে। কিন্তু তাৰ পূৰ্বেই আসন দাবী কৰাতো অযুক্তিকৰ।

নিৰ্বাচনী মিত্ৰতাৰ নামত আসন দাবী কৰি কোনো পূৰ্বচৰ্ত আৰোপ কৰাটো গ্ৰহণযোগ্য নহয় বুলিও কয় গগৈয়ে। তেনেদৰে হকে-বিহকে সমালোচনা আদি কৰি পৰিৱেশ অস্বস্তিকৰ কৰাতোও বেয়া বুলিও গগৈয়ে কয়। অৱশ্যে এই সন্দৰ্ভত কোনো ৰাজনৈতিক দলৰ নাম লোৱাৰ পৰা বিৰত থাকে সাংসদগৰাকী।

উল্লেখ্য যে, আজি আয়োজিত সংবাদমেলত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পূৰ্বতেও অসমলৈ বহু কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ আগমন ঘটিছিল, বহু প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত সেই প্ৰতিশ্ৰুতিয়ে বাস্তৱ ৰূপ নাপালে, প্ৰস্তাৱিত আচঁনি ৰূপায়ণত ব্যৰ্থ হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাবে অমিত শ্বাহৰ দায়িত্ব সৰ্বাধিক বুলি উনিকিয়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, অসম চুক্তি ৰূপায়নৰ দিশত কেন্দ্ৰীয় চৰকাৰে পিঠি দিছে। আনকি শেহতীয়াকৈ সংসদৰ মজিয়াত অসম চুক্তি ৰূপায়নৰ দায়িত্ব তেওঁলোকৰ নহয় বুলি মন্তৱ্য কৰি সমগ্ৰ বিষয়টোৰ পৰা পলায়ন কৰিব বিচাৰিছে বুলিও কয় শইকীয়াই। এইয়া ঐতিহাসিক অসম চুক্তিৰ প্ৰতি বিজেপি চৰকাৰখনে গ্ৰহণ কৰা চূড়ান্ত অপমানজনক স্থিতি বুলি উল্লেখ কৰি ইয়াৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হিচাপে অগপ দলে কৈফিয়ৎ তলৱ কৰিব লাগে বুলিও কয় শইকীয়াই।

তেওঁ কয় যে, ছবছৰীয়া অসম আন্দোলনৰ পৰিশেষত সম্পাদন হোৱা অসম চুক্তিখন ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰণালয়ৰ দায়িত্ব থাকিব বুলি স্পষ্টৰূপত লিপিবদ্ধ হৈ থকাৰ পাছতো স্বয়ং লোকসভাৰ মজিয়াত ওলোটাখৰ মাৰিলে বিজেপিয়ে। অসম চুক্তি ৰূপায়ণৰ বেলিকা বিজেপি চৰকাৰখনে বাৰম্বাৰ বিপৰীত স্থিতি গ্ৰহণ কৰাৰ বাবে বিজেপিক অগপ দলে মুকলিকৈ প্ৰশ্ন কৰিব লাগে বুলি কয় বিৰোধী দলপতি গৰাকীয়ে। অগপ দলে নিজকে আঞ্চলিকতাবাদী ৰাজনৈতিক দল ৰূপে দাবী কৰি থকাৰ পাছতো অসম আৰু অসমীয়াৰ স্বাৰ্থত কিয় অগপই বিজেপি দলক এই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ কৰিব পৰা নাই বুলিও কটাক্ষ কৰে। অসমত ৫০ টাকৈ ডাঙৰ পুখুৰী খান্দি দিলেই বান সমস্যা দূৰ হ’ব বুলি কোৱা গৃহমন্ত্ৰী অমিত শ্বাহৰ দিনতেই অসমৰ জলসম্পদ বিভাগটোও নিধিৰাম চৰ্দাৰলৈ পৰ্যবসিত হ’ল। অসমৰ জলসম্পদ বিভাগৰ ৰিভাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰ নিজা মাটিত এতিয়া কেইবামহলীয়া পঞ্চতাৰকাযুক্ত হোটেলৰ দৰে ব্যৱস্থা থকা কাৰ্যালয় স্থাপন কৰিছে বিজেপিয়ে। অসমৰ বানপানী, নদী পৰ্যবেক্ষণৰ গৱেষণাৰ বাবে কোনো ব্যৱস্থাই নাই। গুৱাহাটীৰ লগতে অসমৰ বানপানীৰ সমস্যা সমাধান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ, কিন্তু সেই প্ৰতিশ্ৰুতি আজিও অসাৰ হৈয়ে ৰ’ল। আচলতে বিজেপি চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাবোৰ কৌশলেৰে আৰঁত ৰাখি সৰ্বসাধাৰণ ৰাইজক প্ৰতিশ্ৰুতি, তথাকথিত উন্নয়নৰ চমক দিয়াত নামিছে। অসমৰ গুৱাহাটীখনক স্মাৰ্ট চিটি হিচাপে নিৰ্মাণ কৰিবলৈ হাজাৰ হাজাৰ কোটি টকা আনি আজিও স্মাৰ্টচিটি কৰিব পৰা নাই গুৱাহাটীক।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে, বিগত সময়ত অসমৰ উন্নয়নৰ বাবে তিনি লাখ কোটি টকা বিনিয়োগ কৰাৰ যি ঘোষণা কৰা হ’ল, সেইয়া আদানি-আম্বানিৰ স্বাৰ্থৰ বাবেই নেকি, সেই বিষয়বোৰও পোহৰলৈ আহিব লাগে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জাতি-জনগোষ্ঠীৰ লোকক বলপূৰ্বকভাবে যি দৰে পৰ্বতঝোৰাত, বৰদোৱা, কাৰ্বি আংলং, ডিমাহাচাও, মিকিৰ বামুণী গ্ৰাণ্ট আদিত উচ্ছেদ কৰি বিজেপিয়ে থলুৱা লোকক গৃহহীন কৰিলে সেই বিষযটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থিতি স্পষ্ট কৰক বুলি দাবী কৰে বিৰোধী দলপতিগৰাকীয়ে। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈকো এতিয়া পুঁজিপতি গোষ্ঠীৰ এজেণ্টক ধন দি সৌন্দৰ্য উপভোগ কৰিবলগীয়াৰ দৰে এক পৰিৱেশ বিজেপিয়ে সৃষ্টি কৰিছে বুলি ক্ষোভ উজাৰে বিৰোধাী দলপতি শইকীয়াই। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসাৰে অসমীয়া জাতি সুৰক্ষিত হোৱাৰ যি প্ৰস্তাৱ দিয়া হৈছে, সেইয়া পৰিকল্পিতভাৱে বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰখনে নস্যাৎ কৰাত নামি পৰিছে। অসমীয়া খিলঞ্জীয়া লোকক নিৰাপত্তা দিয়াৰ সলনি বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ দৰে পন্থা লৈছে হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে।

আজিৰ সংবাদমেলত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ো উপস্থিত আছিল। উল্লেখ্য যে, আজি দুপৰীয়া সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ভোট চোৰ-চকী এৰক-শীৰ্ষক সজাগতা সভাত সাংসদ গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰি দলীয় কৰ্মীক উদ্দেশি ভাষণ প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd