• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 8:51 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জিএমচিএইচ) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীৰ মৃতদেহ চিকিৎসালয়ত এৰি পলায়নৰ চেষ্টা কৰে এজন যুৱকে। অৱশ্যে তেওঁ সাৰি যাব নোৱাৰিলে।

চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰে। দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। ভঙাগড় আৰক্ষী থানাৰ আৰক্ষীয়ে ইমৰাণ আলী নামৰ যুৱকজনক জেৰা অব্যাহত ৰাখিছে।

Apply Now

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে নিশা ইমৰানে গাড়ীৰে যুৱতীগৰাকীৰ মৃতদেহ লৈ আনিছিল। যুৱতীগৰাকীৰ মৃতদেহটো কোনোমতে চিকিৎসালয়ত থৈ তেওঁ কেনেবাকৈ পলাবলৈ চেষ্টা কৰে।

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে যুৱতীগৰাকীৰ মুখত ফেন ওলাই আছিল। ইয়াৰ ভিত্তিত তদন্তকাৰীসকলৰ প্ৰাৰম্ভিক ধাৰণাটো হ’ল যে যুৱতীগৰাকীক বিষাক্ত দ্ৰব্য খুৱাই হত্যা কৰা হৈছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে যুৱকজনে দ্ৰুতগতিত মৃতদেহটো চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগৰ সন্মুখত থকা ট্ৰলীত ৰাখি থয়। ইয়াৰ পিছত বাহিৰলৈ যোৱা পথেৰে তীব্ৰ বেগেৰে ওলাই যায়। যিহেতু তেওঁৰ গতিবিধি সন্দেহজনক আছিল, সেয়েহে নিৰাপত্তাৰক্ষীয়ে তেওঁক ধৰিবলৈ দৌৰি যায়। চিকিৎসালয়ৰ গেটৰ সমীপতে নিৰাপত্তাৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ভঙাগড় আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ পিছতহে যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব। আৰক্ষীয়েও তেওঁৰ পৰিচয় জানিবলৈ চেষ্টা চলাইছে। ইমৰাণৰো জেৰা চলি আছে। ছোৱালীজনীৰ সৈতে ইমৰাণৰ সম্পৰ্ক কি সেয়াও জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

এগৰাকী আৰক্ষী বিষয়াই কয়, “এয়া কোনো সাধাৰণ কাণ্ড নহয়। সকলো দিশ পৰীক্ষা কৰি তদন্ত কৰা হ’ব। ইয়াৰ আঁৰত কি ৰহস্য আছে সেয়াও আমি চাই আছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd