সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে উত্থাপন হৈছে বিস্ফোৰক অভিযোগ। তেওঁৰ প্ৰাক্তন একাউণ্টটেন্টৰ পৰিয়ালক অপহৰণ আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, ফুকনে পৰিয়ালটোৰ সম্পত্তি জব্দ আৰু হত্যাৰ ভাবুকি দিছিল.।
এই অভিযোগ উত্থাপন কৰি ফুকনৰ প্ৰাক্তন একাউণ্টেণ্ট আংশুমান পূজাৰীৰ পত্নী শ্ৰুতিধৰা গৌতমে যোৱা ২৫ আগষ্টত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সন্মুখত এজাহাৰ দাখিল কৰিছে।
অভিযোগ অনুসৰি, ২০২০ চনৰ পৰা পুজাৰীয়ে ফুকনৰ ছাংপুল গ্ৰুপৰ মুখ্য একাউণ্টেণ্ট হিচাপে কাম কৰি আহিছিল। গৌতমে উল্লেখ কৰে যে তেওঁৰ স্বামীয়ে ফুকনৰ একাউন্ট পৰিচালনা কৰিছিল আৰু বিধায়কগৰাকীয়ে ব্যৱসায়িক লেনদেনৰ বাবেও পুজাৰীৰ ব্যক্তিগত বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল।
কিন্তু আগষ্টৰ আৰম্ভণিতে বিশ্বজিৎ ফুকনে পুজাৰীৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল বুলি অভিযোগ উঠিছে।
অভিযোগ অনুসৰি ১৩ আগষ্টত ফুকনে সমগ্ৰ পুজাৰী পৰিয়ালটোক অপহৰণ কৰি লৈ যায় আৰু ভয় ভাবুকি দি আৰক্ষীত গোচৰ ৰুজু নকৰিবলৈ সকীয়াই দিয়ে।
গৌতমে লগতে অভিযোগ কৰে যে ফুকনৰ লোকে দুখন পৰিয়ালৰ বাহন জব্দ কৰে—এখন মহিন্দ্ৰা থাৰ (এ এছ০১এফডব্লিউ৩১৭৮) আৰু এখন হুণ্ডাই আই২০ (এএছ০১এফই১৬১২)—আৰু লগতে গুৱাহাটীৰ চান্দমাৰীৰ হিল্টন ৰেচিডেন্সিত থকা তেওঁলোকৰ ৩বিএইচকে ফ্লেটৰ চাবিও লৈ যায়।
পৰিয়ালৰ দাবী, ফুকনে পুজাৰীৰ একাউণ্টৰ পৰা ৮ লাখ টকা নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি সম্পত্তিৰ নথি-পত্ৰত চহী কৰিবলৈ বাধ্য কৰাইছিল।