উচ্চতম ন্যায়ালয়ে শিক্ষক যোগ্যতা পৰীক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰিছে। আদালতে কয়, যিসকল শিক্ষকে এতিয়ালৈকে টেট উত্তীৰ্ণ কৰিব পৰা নাই, তেনে শিক্ষকসকলে হয় পদত্যাগ কৰিব লাগিব, নহয় টাৰ্মিনেল বেনিফিটসহ বাধ্যতামূলক অৱসৰৰ বাবে আবেদন কৰিব লাগিব। বিদ্যালয়ত পাঠদানৰ চাকৰিৰ ক্ষেত্ৰত টেট বাধ্যতামূলক নেকি সেই বিষয়ত দাখিল হোৱা কেইবাখনো আবেদনৰ শুনানি কৰি এই পৰ্যবেক্ষণ আগবঢ়াইছে।
বিচাৰপীঠে লগতে উল্লেখ কৰে যে, সংখ্যালঘু শিক্ষানুষ্ঠানত নিযুক্ত শিক্ষকসকলৰ ক্ষেত্ৰতো টেট উত্তীৰ্ণ কৰাটো বাধ্যতামূলক কৰা যাব নে নাই সেই বিষয়টো বৃহত্তৰ বিচাৰপীঠত উত্থাপন কৰিব লাগিব। এই বিষয়টো লৈ বৰ্তমান বিতৰ্ক চলি আছে আৰু কেইবাজনো শিক্ষকে এই নিয়মৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছে।
উল্লেখযোগ্য যে, নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনে ২০১০ চনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ নিযুক্ত শিক্ষকসকলৰ নূন্যতম অৰ্হতা নিৰ্ধাৰণ কৰিছিল, য’ত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছিল। আদালতে স্পষ্ট কৰে যে, যিসকল শিক্ষকৰ পাঁচ বছৰতকৈ অধিক সেৱা বাকী আছে, তেওঁলোকে এই অৰ্হতা পূৰণ নকৰিলে সেৱা আগবঢ়াব নোৱাৰিব।