টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা কংগ্ৰেছ নেতা মহম্মদ আজহাৰুদ্দিনক তেলেংগানাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। ৰাজ্যপালৰ কোটাৰ অধীনত তেওঁক বিধান পৰিষদৰ বাবে মনোনীত কৰাৰ সিদ্ধান্ত লোৱাত আলোচনা তীব্ৰতৰ হৈ পৰিছে। এই সিদ্ধান্ত বহুতকে আচৰিত কৰি তুলিছে, কিয়নো কেইসপ্তাহমানৰ আগতে আজহাৰুদ্দিনে নিজেই জুবিলী হিলছ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।
২০২৩ চনৰ নিৰ্বাচনত নিজৰ স্থানীয় অঞ্চলত পৰাস্ত হৈ পুনৰ নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰিবলৈ সাজু হৈছিল তেওঁ। বিধায়ক মাগান্তী গোপীনাথৰ মৃত্যুৰ পিছৰে পৰা খালী হৈ আছে আসনখন। এম এল চি পদৰ বাবে মনোনীত হোৱাৰ পিছত তেলেংগানা কংগ্ৰেছ ইউনিটৰ কাৰ্যকৰী সভাপতি মহম্মদ আজহাৰুদ্দিন সুখী।
আজহাৰুদ্দিনে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “তেলেংগানাত ৰাজ্যপালৰ কোটাৰ অধীনত মোক এম এল চি পদৰ বাবে মনোনীত কৰাৰ বাবে কেবিনেটৰ সিদ্ধান্তত মই অত্যন্ত সন্মানিত হৈছো। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেজী, ছোনিয়া গান্ধী মেডাম, ৰাহুল গান্ধীজী, প্ৰিয়ংকা গান্ধীজী আৰু কে চি ভেনুগোপালজীক তেওঁলোকৰ বিশ্বাস আৰু আশীৰ্বাদৰ বাবে মোৰ আন্তৰিক ধন্যবাদ।”
তেওঁ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি লিখিছে, “মই মোৰ ৰাজ্যখনক সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
সংবাদ সংস্থাৰ এক প্ৰতিবেদনত কংগ্ৰেছৰ নেতাসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে এলএমচি হিচাপে আজহাৰুদ্দিনৰ মনোনয়ন লাভে তেওঁক ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পথ আৰু অধিক শক্তিশালী কৰিব।
সম্প্ৰতি তেলেংগানা মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী ৰেভন্ত ৰেড্ডীকে ধৰি ১৪ জন মন্ত্ৰী আছে। ৩ খন আসন খালী। তেলেংগানা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হোৱাৰ পূৰ্বে মহম্মদ আজহাৰুদ্দিন উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ সাংসদ আছিল (২০০৯-২০১৪)। ২০১৯ চনত হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ ২৭ সংখ্যক সভাপতিও হয়।
৬২ বছৰীয়া মহম্মদ আজহাৰুদ্দিনে ভাৰতৰ হৈ ৯৯ খন টেষ্ট আৰু ৩৩৪ খন এদিনীয়া মেচ খেলিছে। তেওঁ ক্ৰমে ৬২১৫ আৰু ৯৩৭৮ ৰান সংগ্ৰহ কৰিছে। এইবাৰ ভাৰতীয় ক্ৰিকেটৰ মহান খেলুৱৈগৰাকীক এক বেলেগ ভূমিকাত দেখা যাব পাৰে।