• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ মন্ত্ৰী হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক? চৰ্চাত মহম্মদ আজহাৰুদ্দিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2025 9:32 am
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা কংগ্ৰেছ নেতা মহম্মদ আজহাৰুদ্দিনক তেলেংগানাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। ৰাজ্যপালৰ কোটাৰ অধীনত তেওঁক বিধান পৰিষদৰ বাবে মনোনীত কৰাৰ সিদ্ধান্ত লোৱাত আলোচনা তীব্ৰতৰ হৈ পৰিছে। এই সিদ্ধান্ত বহুতকে আচৰিত কৰি তুলিছে, কিয়নো কেইসপ্তাহমানৰ আগতে আজহাৰুদ্দিনে নিজেই জুবিলী হিলছ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।

২০২৩ চনৰ নিৰ্বাচনত নিজৰ স্থানীয় অঞ্চলত পৰাস্ত হৈ পুনৰ নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰিবলৈ সাজু হৈছিল তেওঁ। বিধায়ক মাগান্তী গোপীনাথৰ মৃত্যুৰ পিছৰে পৰা খালী হৈ আছে আসনখন। এম এল চি পদৰ বাবে মনোনীত হোৱাৰ পিছত  তেলেংগানা কংগ্ৰেছ ইউনিটৰ কাৰ্যকৰী সভাপতি মহম্মদ আজহাৰুদ্দিন সুখী।

Apply Now

আজহাৰুদ্দিনে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “তেলেংগানাত ৰাজ্যপালৰ কোটাৰ অধীনত মোক এম এল চি পদৰ বাবে মনোনীত কৰাৰ বাবে কেবিনেটৰ সিদ্ধান্তত মই অত্যন্ত সন্মানিত হৈছো। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেজী, ছোনিয়া গান্ধী মেডাম, ৰাহুল গান্ধীজী, প্ৰিয়ংকা গান্ধীজী আৰু কে চি ভেনুগোপালজীক তেওঁলোকৰ বিশ্বাস আৰু আশীৰ্বাদৰ বাবে মোৰ আন্তৰিক ধন্যবাদ।”

তেওঁ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি লিখিছে, “মই মোৰ ৰাজ্যখনক সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

সংবাদ সংস্থাৰ এক প্ৰতিবেদনত কংগ্ৰেছৰ নেতাসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে এলএমচি হিচাপে আজহাৰুদ্দিনৰ মনোনয়ন লাভে তেওঁক ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পথ আৰু অধিক শক্তিশালী কৰিব।

সম্প্ৰতি তেলেংগানা মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী ৰেভন্ত ৰেড্ডীকে ধৰি ১৪ জন মন্ত্ৰী আছে। ৩ খন আসন খালী। তেলেংগানা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হোৱাৰ পূৰ্বে মহম্মদ আজহাৰুদ্দিন উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ সাংসদ আছিল (২০০৯-২০১৪)। ২০১৯ চনত হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ ২৭ সংখ্যক সভাপতিও হয়।

৬২ বছৰীয়া মহম্মদ আজহাৰুদ্দিনে ভাৰতৰ হৈ ৯৯ খন টেষ্ট আৰু ৩৩৪ খন এদিনীয়া মেচ খেলিছে। তেওঁ ক্ৰমে ৬২১৫ আৰু ৯৩৭৮ ৰান সংগ্ৰহ কৰিছে। এইবাৰ ভাৰতীয় ক্ৰিকেটৰ মহান খেলুৱৈগৰাকীক এক বেলেগ ভূমিকাত দেখা যাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd