“কা” আইনতকৈও ভয়াৱহ সিদ্ধান্তৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ দেশলৈ অহা বাংলাদেশ, পাকিস্তান, আফগানিস্থান আদি দেশৰ পৰা অহা বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ যি অধিসূচনা জাৰি কৰিছে তাক বাঁওপন্থী আৰু গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনসমূহে তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াক তৎকালে প্ৰত্যাহাৰৰ দাবী জনাইছে।
যুৱ-ছাত্ৰ সংগঠন ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই), ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই), নিখিল ভাৰত যুৱ ফেডাৰেছন (এআইৱাইএফ),নিখিল ভাৰত ছাত্ৰ ফেডাৰেছন (এআইএছএফ), নিখিল ভাৰত ছাত্ৰ সন্থা (এআইছা), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কমিটিসমূহে বিজেপি চৰকাৰৰ বিদেশীক নাগৰিকত্ব দিয়া অধিসূচনাক অসম বিৰোধী, সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বুলি অভিহিত কৰি ইয়াক তীব্ৰ বিৰোধিতা কৰিছে আৰু প্ৰত্যাহাৰৰ দাবী জনাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ১ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ [Immigration and Foreigners (Exemption) Order, 2025] জাৰি কৰি বিদেশী লোকে ভাৰতত নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰিছে। “কা” আইন অনুসৰি এই সময়সীমা ২০১৪ চনৰ ৩১ ডিচেম্বৰ আছিল যদিও পুনৰ ইয়াক বৃদ্ধি কৰা হয়।
দেশত নাগৰিকত্ব লাভৰ সময়সীমা ১৯৫১ চনৰ যদিও অসমৰ ক্ষেত্ৰত এই সীমা ১৯৭১ চন। নাগৰিকত্ব সম্পৰ্কীয় বিষয়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰা সাংবিধানিক বেঞ্চে ইতিমধ্যে নিৰ্দেশ দিছে যে অসমত নাগৰিকত্ব লাভৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১ চন। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশ হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধী। অসম ৰাইজ আৰু দল-সংগঠনে তীব্ৰ আশংকা আৰু উদ্বিগ্নতা প্ৰকাশ কৰি “কা” বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছিল। কিন্তু বিজেপি চৰকাৰে “কা” গৃহীত কৰি অসমবাসীক উপলুঙা কৰাৰ লগতে স্বৈৰাচাৰী আচৰণেৰে নতুন অধিসূচনা আনি ৰাজ্যবাসীক বৃদ্ধাংগুস্ত দেখুৱাইছে।
বিদেশীমুক্ত অসম আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে সম্পূৰ্ণ লুটিবাগৰ মাৰি অধিক বিদেশী অহাৰ পথহে প্ৰশস্ত কৰিব ওলাইছে। আচৰিত কথা যে ৰাজ্যৰ বিজেপি, এজিপি, ইউপিপিএল নেতৃত্বাধীন চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ এনে ভয়ংকৰ অধিসূচনাৰ বিৰুদ্ধে এটা শব্দ উচ্চাৰণ কৰিবলৈ সাহস কৰা নাই।ৰাজ্যৰ বাঁও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনসমূহে এই অসম বিৰোধী, দেশ বিৰোধী, সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী অধিসূচনাৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সকলো দল-সংগঠন আৰু গণতান্ত্ৰিক ৰাইজলৈ আহ্বান জনাইছে।





