ৰাজ্য চৰকাৰৰ এক সিদ্ধান্তৰ বাবেই গভীৰ সংকটৰ সন্মুখীন হৈছে ছত্তীশগড় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য সেৱা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ২৫ জন আন্দোলনকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পিছত বাকীসকলে প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
শুকুৰবাৰলৈকে ৰাজ্যখনৰ প্ৰায় ১৪,৬৭৮ জন কৰ্মচাৰীয়ে একে সময়তে পদত্যাগ দাখিল কৰিছে। প্ৰায় ১৬ হাজাৰ ঠিকাভিত্তিক চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে এতিয়াও অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰাখিছে।
১৮ আগষ্টৰ পৰা ১০ দফা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীয়ে। তেওঁলোকৰ মূল দাবী হৈছে চাকৰি নিয়মীয়াকৰণ, গ্ৰেড পে, স্বাস্থ্য কেডাৰ গঠন আৰু সহানুভুতিশীল নিযুক্তি।
অভিযোগ অনুসৰি কৰ্তৃপক্ষই দাবী পূৰণ কৰাৰ পৰিৱৰ্তে ইখনৰ পিছত সিখনকৈ সতৰ্কবাণী আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পত্ৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ভিতৰত সংগঠনটোৰ সভাপতি ড০ অমিত কুমাৰ মিৰি, সাধাৰণ সম্পাদক কৌশলেশ তিৱাৰীকে ধৰি অন্যান্য শীৰ্ষ নেতাসকলক পোনপটীয়াকৈ বৰ্খাস্ত কৰা হয়। সংগঠনটোৰ নেতাসকলে অভিযোগ কৰে যে, “এয়া কেৱল দমনৰ নীতি। প্ৰশাসনে নিবিচাৰে যে চৰকাৰে কৰ্মীসকলৰ সৈতে আলোচনাত বহক।”
টিকা, নৱজাতকৰ চিকিৎসা, ফিজিঅ’থেৰাপি, জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান, টিবি ঔষধৰ যোগান – এই সকলোবোৰ কাৰ্যতঃ স্তব্ধ হৈ পৰিছে। ঠিকাভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘটে কাৰ্যকৰীভাৱে সেৱা স্থবিৰ কৰি তুলিছে বুলি স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়াই স্বীকাৰ কৰে।
ৰাজ্যৰ স্বাস্থ্য বিভাগে জনাইছে যে ইতিমধ্যে কৰ্মচাৰীসকলৰ কেইবাটাও দাবী মানি লোৱা হৈছে। এন এইচ এমৰ মিছন সঞ্চালক ডাঃ প্ৰিয়ংকা শুক্লাই কয়, “গোপনীয় প্ৰতিবেদনত স্বচ্ছতা, জৰুৰীকালীন অৱস্থাত ৩০ দিনৰ ছুটী, এই দাবীসমূহ পূৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ২৭ শতাংশ দৰমহা বৃদ্ধি আৰু নূন্যতম নগদবিহীন স্বাস্থ্য বীমা ১০ লাখ টকাৰ সিদ্ধান্তও কাৰ্যকৰী কৰা হ’ব।”
গ্ৰেড পে, ট্ৰেন্সফাৰ পলিচি আৰু সহানুভুতিশীল নিযুক্তিৰ বিষয়টো চোৱাচিতা কৰিবলৈ এখন কমিটী গঠন কৰা হৈছে বুলিও তেওঁ কয়। অৱশ্যে চাকৰি নিয়মীয়াকৰণ আৰু স্বাস্থ্য কেডাৰ গঠনৰ দৰে মূল বিষয়সমূহৰ ওপৰত সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু কেবিনেট পৰ্যায়ত লোৱা হ’ব।
সংগঠনটোৰ নেতাগৰাকীয়ে কয়, “বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো সমাধান নাই। এইবাৰ প্ৰতিবাদ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। আমি শনিবাৰে ৰায়পুৰত সংবাদমেল অনুষ্ঠিত কৰি পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিম।”
একে সুৰকে প্ৰতিধ্বনিত কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সংগঠনৰ সভাপতি ড° মিৰীয়ে, “আমি আমাৰ সাংবিধানিক অধিকাৰ অনুসৰি প্ৰতিবাদ কৰিছো। কিন্তু কোনো উত্তৰ নিদি দমন নীতি গ্ৰহণ কৰা হৈছে।”