অৰুণাচল প্ৰদেশত হিমবাহ গলনৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মাত্ৰ এবছৰতে প্ৰায় ১.৫ মিটাৰ বৰফ গলি গৈছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। ফলত বিজ্ঞানীসকলে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাক নুই কৰা নাই। ইতিমধ্যে অৰুণাচলৰ কেইবাটাও অঞ্চলত সতৰ্কতা জাৰি কৰা হৈছে।
চেণ্টাৰ ফৰ আৰ্থ ছায়েন্স এণ্ড হিমালয়ান ষ্টাডিজে টাৱাঙৰ গোৰিচেন পৰ্বতমালাৰ খাংৰি হিমবাহৰ নিৰীক্ষণ আৰম্ভ কৰিছে। ২০১৬ চনৰ পৰা ২০২৫ চনলৈকে চেণ্টিনেল-২ উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি দেখা গৈছে যে মাগো চু অৱবাহিকাৰ হিমবাহবোৰ ক্ৰমান্বয়ে পিছুৱাই গৈছে। ফলত হিমবাহৰ দ্বাৰা গঠিত হ্ৰদৰ আয়তন (গ্লেচিয়েল লেক) বৃদ্ধি পাইছে।
বিজ্ঞানীসকলে অনুমান কৰিছে যে হিমবাহৰ পৰা অতিৰিক্ত পৰিমানে বৰফ গলি যোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
বিজ্ঞানীসকলে কয় যে বৰফ গলি যোৱাৰ বাবে হিমবাহৰ ওচৰৰ নদীবোৰত বানপানীৰ আশংকা অধিক। ২০২৩ চনৰ অক্টোবৰ মাহত ছিকিমত এক ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হৈছিল। দক্ষিণ লোনাক হ্ৰদত হিমবাহৰ স্খলনৰ ফলত তীব্ৰ বানপানীৰ সৃষ্টি হয়। এই ঘটনাৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষতিসাধন হয়।
ৰাণী হ্ৰদ গোৰিচেন পৰ্বতমালাৰ ওচৰত অৱস্থিত। বিজ্ঞানীসকলে আশংকা কৰিছে যে যদিহে হিমবাহ গলি থাকে তেন্তে ৰাণী হ্ৰদতো ছিকিমৰ দৰে ভয়ানক দুৰ্যোগৰ সন্মুখীন হ’ব পাৰে।
গৱেষক আৰু বিশেষজ্ঞসকলৰ মতে সমগ্ৰ বিশ্বতে উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে। ফলত হিমবাহৰ পৰা গঠিত হ্ৰদবোৰ ওফন্দি উঠিছে।
কেন্দ্ৰীয় জল আয়োগৰ শেহতীয়া নিৰীক্ষণ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ৪০০ৰো অধিক হিমবাহ গঠিত হ্ৰদৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি, লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুঠ ৪৩২টা হিমবাহ গঠিত হ্ৰদ পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে। ইয়াৰে অৰুণাচল প্ৰদেশত সৰ্বাধিক হ্ৰদ (১৯৭), তাৰ পিছতে আছে লাডাখ (১২০), জম্মু-কাশ্মীৰ (৫৭), ছিকিম (৪৭), হিমাচল প্ৰদেশ (৬) আৰু উত্তৰাখণ্ড (৫)।