• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2025 9:30 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপি চৰকাৰে এতিয়া আৰু সাধাৰণ ৰাইজ, খাটিখোৱা জনতা, ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক, কৃষকৰ বাবে কাম নকৰে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নয়নৰ বাবেহে এই চৰকাৰে কাম কৰি আহিছে। সেইবাবে আজি অসমৰ ৰাইজৰ হৈ কাম কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দুজনৰ প্ৰাক্তন বিধায়ক আৰু অসম গণ পৰিষদৰ এজন প্ৰাক্তন বিধায়কে কংগ্ৰেছ দলত যোগদান কৰিছে। নতুন দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এই তিনিওজন নেতাক কংগ্ৰেছ দললৈ আদৰণি জনাই এইদৰে কয়।

সাংসদ গগৈয়ে কয় যে অসমত এতিয়া চৰকাৰৰ নামত হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট কোম্পানীৰ দৌৰাত্ম্য চলিছে। বিজেপিৰ মন্ত্ৰী আৰু কৰ্মকৰ্তাসকলে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট কোম্পানীৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ বাধ্য হৈছে। সেইবাবে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অসম গণ পৰিষদ ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে।

Apply Now

একেদৰে ছিপাঝাৰ সমষ্টিৰ ৩ বাৰৰ প্ৰাক্তন বিধায়ক তথা পূৰ্বৰ কংগ্ৰেছ নেতা বিনন্দ শইকীয়াই বিজেপি এৰি কংগ্ৰেছ দললৈ আহিছে। গগৈয়ে কয়, বৈঠালাংছু সমষ্টিৰ প্ৰাক্তন বিধায়ক, পূৰ্বৰ সংসদীয় সচিব মনছিং ৰংপিয়ে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছলৈ ঘূৰি আহিছে। এই তিনিওজন নেতাকে আদৰণি জনাই এয়া মাত্ৰ আৰম্ভণি বুলিহে গগৈয়ে কয়।

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ বহুকেইজন নেতা-কৰ্মীয়ে নিজৰ দল ত্যাগ কৰি কংগ্ৰেছলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আঁত ধৰা অনুষ্ঠানটোত নিখিল ভাৰত কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কেচি বেণুগোপালৰ লগতে অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd