যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত এক চৰম বৰ্বৰতাৰ ঘটনা সংঘটিত হৈছে। ঔষধ আনিবলৈ যোৱা এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ ফাৰুখাবাদত সংঘটিত হৈছে ঘটনা।
কেইজনমান যুৱকৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰে মহিলাগৰাকীয়ে। এই কাৰণেই তেওঁক মাৰপিট কৰি গাত জুই লগাই দিয়াৰ অভিযোগ। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ। মৃতকৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত মহিলাগৰাকীৰ নাম নিশা সিং (৩৩)। যোৱা ৬ তাৰিখে তেওঁৰ গাত জুই লগাই দিয়া হয়। তেওঁ জাহানগড়ৰ দৰিয়াগঞ্জৰ গাঁৱৰ ঘৰৰ পৰা ঔষধ কিনিবলৈ ওলাই গৈছিল। সেই সময়তে এই ঘটনা সংঘটিত হৈছিল।
নিশাৰ দেহত অগ্নিসংযোগ কৰাৰ অভিযোগ দীপক নামৰ এজন যুৱকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি দীপকে দীৰ্ঘদিন ধৰি নিশাক হাৰাশাস্তি কৰি আহিছিল। নিশাই স্কুটীত ঔষধ লবলৈ যাওঁতে দীপকে তেওঁক ৰখাই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰে। কিন্তু নিশাই তেওঁৰ লগত কোনো কথা পাতিবলৈ নিবিচাৰিলে। এই কাৰণেই দীপক আৰু তেওঁৰ সঙ্গীসকলে নিশাক ৰাস্তাত ৰখাই তীব্ৰ প্ৰহাৰ কৰে। পিছত তেওঁৰ গাত পেট্ৰল ঢালি জুই লগাই দিয়ে।
সেই অঞ্চলৰ আৰক্ষী বিষয়া সঞ্জয় কুমাৰে জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত নিশা পাৰিবাৰিক চিকিৎসকৰ ওচৰলৈ গৈছিল। প্ৰথমে তেওঁক লোহিয়া হাস্পতাললৈ লৈ যোৱা হয়। অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক তাত থকা মেডিকেল ছায়েন্স ইউনিভাৰ্চিটি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসাধীন অৱস্থাতে তাতেই নিশাৰ মৃত্যু হয়। এই সন্দৰ্ভত নিশাৰ পিতৃ বলৰাম সিঙে দীপক আৰু তেওঁৰ সঙ্গীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
নিশাৰ পিতৃয়ে অভিযোগ কৰে যে বিয়াৰ পূৰ্বৰে পৰা দীপকে কন্যাক হাৰাশাস্তি কৰি আহিছিল। ২০১৩ চনত মহম্মদাবাদ কোতৱালি অঞ্চলৰ জল্লাপুৰ গাঁৱৰ নিবাসী অমিত সিং চৌহানৰ সৈতে নিশাৰ বিবাহ হয়। অমিতে দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। নিশাই সন্তান দুটাৰ সৈতে ফাতেহগড়ৰ নেকপুৰ চৌৰাচীত বাস কৰিছিল। সেইদিনা সন্ধিয়া নিশাই ঔষধ আনিবলৈ ওলাইছিল। তেতিয়াই দীপক আৰু তেওঁৰ লগৰবোৰে নিশাক আক্ৰমণ কৰে।