নেপালতো শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰতিবাদৰ জুই জ্বলিছে ৰাজধানী কাঠমাণ্ডুত। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ নিষেধাজ্ঞা উঠাই লোৱাৰ পিছতো নেপাল এতিয়াও অগ্নিগৰ্ভ হৈ আছে।
গৃহমন্ত্ৰীৰ পিছত এইবাৰ নেপালৰ কৃষি মন্ত্ৰী ৰামনাথ অধিকাৰী, জলসম্পদ মন্ত্ৰী প্ৰদীপ যাদৱ, স্বাস্থ্যমন্ত্ৰী প্ৰদীপ পৌডেলকে ধৰি আন ৯জন মন্ত্ৰীয়ে পদত্যাগ কৰে। তথাপি ক্ষোভৰ জুই নুমুৱা নাই।
মঙলবাৰে পুৱাৰে পৰা জনসাধাৰণে সান্ধ্য আইনক আওকাণ কৰি ৰাজপথত ওলাই আহিছে। উপ-প্ৰধানমন্ত্ৰীৰ ঘৰকে ধৰি কেইবাটাও চৰকাৰী অট্টালিকাত জুই জ্বলাই দিয়া হয়। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক পদত্যাগ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। বিৰোধী দলসমূহেও প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে।
সোমবাৰে ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে জেন জি। কাঠমাণ্ডুৰ ৰাজপথত ব্যাপক উত্তেজনা। প্ৰতিবাদকাৰীসকলে গেট ভাঙি সংসদ ভৱনত প্ৰৱেশ কৰে। ক্ষুব্ধ জেন জেডক ৰখাবলৈ আৰক্ষীয়ে ৰবৰৰ গুলী আৰু পানীৰ কামান ব্যৱহাৰ কৰিছিল। ভিৰ আৰু আৰক্ষীৰ সংঘৰ্ষত এজন সাংবাদিকসহ ২১ জন লোকৰ মৃত্যু হয়। আহত হয় ৪০০ৰো অধিক লোক।
যদিও প্ৰথম অৱস্থাত নিষেধাজ্ঞাৰ সিদ্ধান্তক লৈ অটল আছিল, তথাপিও প্ৰতিবাদৰ সন্মুখীন হৈ নেপালৰ অলি চৰকাৰে পিছুৱাই গ’ল। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কয় যে আমি ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিম।
অৱশ্যে হিংসাত্মক প্ৰতিবাদৰ মাজতো নেপালী প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত সলনি কৰিবলৈ অনিচ্ছুক আছিল। তেওঁ প্ৰতিবাদকাৰীসকলক “অশান্তি সৃষ্টি কৰা জেন জেড” বুলিও অভিহিত কৰে। কিন্তু আন্দোলন শিখৰত উপনীত হোৱাৰ লগে লগে নেপালী কংগ্ৰেছৰ মন্ত্ৰীসকলেও সিদ্ধান্ত সলনি কৰাৰ পোষকতা কৰে। অৱশেষত প্ৰচণ্ড হেঁচাত প্ৰধানমন্ত্ৰীয়ে নিশা এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে সেই সময়ত গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগৰ খবৰ আহিছিল। ৰাজনৈতিক বিশেষজ্ঞৰ মতে অলিয়ে নিজৰ গাদী বচাবলৈ জনতাৰ ক্ষোভৰ সন্মুখত গৃহমন্ত্ৰী আৰু কৃষি মন্ত্ৰীক বলি দিছে। কিন্তু আন এক সূত্ৰই দাবী কৰিছে যে ইমানবোৰ লোকৰ প্ৰাণ হানিৰ বাবে নেপাল কংগ্ৰেছৰ ৯ জন মন্ত্ৰীয়ে ক্ষোভত পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।