ৰাজ্যজুৰি অসম চৰকাৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি থকাৰ সময়তে এক চৰকাৰলৈ এক বিশেষ আহ্বান কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।
তেওঁ লিখিছে, “ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ৷ ক্ষণজন্মা অসমীয়াগৰাকীৰ স্মৃতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি এটা প্ৰবন্ধ লিখা আমাৰ চকুত পৰিছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে গান্ধী- নেহেৰুৰ বিষয়ে নিলিখিলেও আমাৰ প্ৰবাদপুৰুষগৰাকীৰ বিষয়ে লিখাত সকলোৱে নিশ্চয় ভাল পাইছে। ভাল কথা। প্ৰশংসনীয়। কিন্তু এইখিনিতে আমি দুটামান বিশেষ কথাৰ প্রতি প্রধানমন্ত্রীৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছো।”
লগতে অজিত কুমাৰ ভূঞাই লিখিছে, “ড° ভূপেন হাজৰিকাই জীৱন কালত অসমীয়া জাতি, ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ এতিয়া কথা হ‘ল, জন্ম শতবৰ্ষত শিল্পী গৰাকীৰ সেই সপোন বাস্তৱত ৰূপায়ন কৰা উচিত । অসমীয়া জাতি আজি সকলো দিশৰ পৰাই সংকটত । কা‘ৰ দৰে আইন আনি আমাৰ ভাষা – সংস্কৃতি নি:শেষ কৰিব বিচৰা হৈছে। অসম চুক্তিৰ ৬ নং দফাক কাৰ্যকৰী কৰি অসমীয়াৰ ৰক্ষাকবচ হিচাপে যি প্রতিবেদন প্ৰস্তুত কৰা হৈছিল সেই প্ৰতিবেদন আজি কত আছে আৰু কি হৈছে কোনেও নাজানে। আমাৰ আহ্বান, মূখ্যমন্ত্রীয়ে সেই প্রতিবেদন বিচাৰি উলিয়াই প্রধানমন্ত্রীৰ হাতত অৰ্পন কৰিব আৰু ৰূপায়ন কৰিবৰ বাবে অনুৰোধ কৰিব। লগতে অসমৰ ব্যক্তি, সংগঠনলৈও আমাৰ অনুৰোধ : সকলোৱে মিলি এই দাবী উত্থাপন কৰক আৰু চৰকাৰলৈ সজোৰে আহ্বান জনাওক। যদিহে চৰকাৰৰ ভূপেন হাজৰিকাৰ ব্যক্তিসত্বাৰ প্ৰতি সঁচাকৈ অনুকম্পা আছে তেন্তে এই কথাখিনি বাস্তবত ৰূপায়ন কৰক ৷ আজি হয়তো ভূপেনদা জীয়াই থকা হ’লে ইয়াকেই বিচাৰিলে হয়।”