দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ পৰিকল্পনাৰ বাবে ৰাজ্যিক নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিৰ্বাচন আয়োগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। বিহাৰত SIR সফল ৰূপায়ণৰ পিছত কেনেকৈ দেশজুৰি ৰূপায়ণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ বাবে এই বৈঠক আয়োজন কৰা বুলি সদৰী কৰিছে। উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত জ্ঞানেশ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰ পিছত এইখন তৃতীয়খন এনে বৈঠক।
আয়োগৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি অবৈধ বিদেশী প্ৰব্ৰজনকাৰীক জন্মস্থান পৰীক্ষা কৰি ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাটোৱেই হৈছে এছ আই আৰৰ মূল লক্ষ্য। বিষয়াসকলে ঘৰলৈ গৈ সবিশেষ পৰীক্ষা কৰিব আৰু তালিকাসমূহ সঠিক হোৱাটো নিশ্চিত কৰিব। ভোটদানৰ বাবে আবেদন কৰা বা আন ৰাজ্যৰ পৰা স্থানান্তৰিত হোৱা লোকৰ বাবে সংযোজন কৰা হৈছে নতুন প্ৰ-পত্ৰ। ১৯৮৭ চনৰ ১ জুলাইৰ আগতে ভাৰতত জন্ম হোৱা বুলি ঘোষণা কৰিব লাগিব, আৰু জন্ম তাৰিখ আৰু স্থানৰ প্ৰমাণ দেখুৱাব লাগিব। ১৯৮৭ চনৰ পৰা ২০০৪ চনৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলেও পিতৃ-মাতৃৰ জন্মৰ সবিশেষ দিব লাগিব।
ইফালে নথি-পত্ৰৰ অভাৱত বিহাৰৰ বহু যোগ্য ভোটাৰে ভোটাধিকাৰ হেৰুৱাব পাৰে বুলি বিৰোধী দলসমূহে উদ্বেগ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে ইচিক কোনো প্ৰকৃত নাগৰিক জাতে বাদ নপৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। কিছুমান ৰাজ্যই তেওঁলোকৰ শেষৰ SIR ৰ পৰা পুৰণি ভোটাৰ তালিকা অনলাইনত ৰাখিছে। ২০০৮ চনত দিল্লী আৰু ২০০৬ চনত উত্তৰাখণ্ডে এই ব্যৱস্থা কৰিছে। অসম আৰু কেৰালাৰ দৰে ৰাজ্যত ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে চলিত বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ’বলগীয়া নতুন সংশোধনৰ বাবে এই পুৰণি তালিকাসমূহে ২০০৩ চনৰ বিহাৰৰ তালিকাৰ দৰেই কাট অফ পইণ্ট হিচাপে সহায় কৰিব বুলি সদৰী কৰিছে।