• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলপথাৰ ধ্বংস : আছু, যুৱ-ছাত্ৰৰ তীব্ৰ নিন্দা, মুখ্য মন্ত্ৰী সোণোৱালৰ জৰুৰী হস্তক্ষেপ দাবী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2018 7:48 pm
khapara veterinary playground guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিশাল আৰু অসমৰ ভিতৰতে উৎকৃষ্ট খেলপথাৰখন শাসনাধিষ্ঠ বিজেপি দলে ধ্বংস কৰাৰ বাতৰি নৰ্থ ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত আজি ৮ জুনত এই সন্দৰ্ভত অসমৰ বিভিন্ন দল-সংগঠন-ব্যক্তি সৰৱ হৈ পৰাৰ লগতে বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

নিজৰ খেলপথাৰখনৰ পৰাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপকক খেদি পঠোৱা কাৰ্য্যক কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

Apply Now

যোৱা ২০ আৰু ২১ জানুৱাৰিত খেলপথাৰখনত হোৱা আৰ এচ এচৰ ‘লুইতপৰীয়া হিন্দু সমাৱেশ’ৰ এদিন আগতে খেলপথাৰখনত খোজ কাঢ়িবলৈ যোৱা কৃষি বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ অধ্যাপককো আনকি আৰক্ষীয়ে খেদাই পঠোৱাৰ অভিযোগো নৰ্থ ইষ্ট নাও-ৰ ৭ জুনৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

সমাৱেশ, প্ৰদৰ্শনীৰ বাবে ‘চৰকাৰক বিকল্প স্থানৰ ব্যৱস্থা’ কৰিবলৈ দাবী জনাই গগৈয়ে পশু চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক স্ব-অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নৰ্থ ইষ্ট নাও-ৰ জৰিয়তে আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও-ক তেওঁ কয় ‘খেলপথাৰখন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ। গতিকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁলোকে এই অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰক’।

আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা সঞ্জীৱ বৰাই এই ক্ষেত্ৰত ‘মুখ্যমন্ত্ৰী’ৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

খেলপথাৰখনত ক্ৰীড়াৰ সৈতে সম্পৰ্ক নোহোৱা ‘ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা’ কৰি বৰাই কয়, ‘পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰখনত ৰাজনৈতিক সভা-পতা কাৰ্যই তাৰ গাতে লাগি থকা শিক্ষানুষ্ঠান খনৰ শৈক্ষিক পৰিৱেশত আঘাত হানিছে।’

‘এখন খেলপথাৰত হেলিপেড নিৰ্মাণ কৰা, ক্ৰিকেটৰ ‘পিটচ’ পুতি পেলোৱা’টো ‘দুৰ্ভাগ্যজনক’ বুলি মন্তব্য কৰি খেলপথাৰখনৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকক পুলিছে খেদি পঠোৱাক ‘গৰিহণা’ দিছে।

এখন আৰ টি আই আবেদনৰ উত্তৰত কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে জনাইছিল যে যোৱা ২০১৭ চনৰ মে’ত কেন্দ্ৰৰ এন ডি এ’ চৰকাৰৰ তৃতীয় তথা অসমৰ বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ ল’বলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত বিজেপিয়ে ক্ৰিকেট পিত্চখন মাটিৰে পুতি পেলাইছিল।

খেলপথাৰখনত কোনো চৰকাৰী বা ৰাজনৈতিক অনুষ্ঠান চলি থকাৰ সময়ত ভি আই পি, ভি ভি আই পিৰ নিৰাপত্তাৰ নামত কাষৰ পথটোৰে জৱাহৰ নগৰত থকা ডক্তৰ্ছ হ’ষ্টেল আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ছাত্ৰাবাস দুটালৈ যোৱাতো আনকি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অগপ নেতা, প্ৰাক্তন সাংসদ তথা পশু চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক ডাঃ অৰুণ কুমাৰ শৰ্মাই।

‘খেলপথাৰখনত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ দাবী কৰি শৰ্মাই কয় ‘এইখন এখন শিক্ষানুষ্ঠানৰ খেলপথাৰ। গতিকে প্ৰথমতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ অধিকাৰ সুনিশ্চিত হ’ব লাগে।

ৰঞ্জিত নেওগে জনাইছিল যে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে আইন-শৃংখলাৰ ব্যৱস্থা কৰিবলৈ ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল। প্ৰতিশ্ৰুতি অনুসৰি দেৱালৰ সেই ভঙা অংশসমূহ বিজেপিৰ অসম প্ৰদেশে ঠিক কৰাৰ কথা আছিল যদিও দেৱালবোৰ ভঙাৰ চাৰি বছৰ উকলি যোৱাৰ পিছতো আজিপৰ্য্যন্ত এইসমূহ পুনৰ্নিৰ্মাণ কৰা হোৱা নাই।

‘অসম কৃষি বিশ্ববিদ্যালয়ৰ কোনো বিষয়াই কোনো সংগঠনকে এই দেৱালসমূহ ভাঙিবলৈ কৰ্তৃত্ব দিয়া নাছিল আৰু কোনো সংগঠনে বিশ্ববিদ্যালয়ক কোনো ক্ষতিপূৰণ দিয়া নাই,’ বুলিও আৰ টি আইৰ আবেদনৰ উত্তৰত কোৱা হৈছিল।

আনহাতে এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয় শিক্ষক সংস্থাই এতিয়াও কোনো মন্তব্য আগবঢ়াবলৈ অস্বীকাৰ কৰিছে।

‘এই বিষয়ত সংস্থাৰ কাৰ্যকৰী সমিতিৰ সভাত আলোচনা কৰিব’ বুলি নৰ্থ ইষ্ট নাওক জনাই সংস্থাৰ সাধাৰণ সম্পাদক ডা: হিমাংশু বৰুৱাই।

গুৱাহাটীৰ বুকুৰ এই বিশাল আৰু আধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন খোদ শাসনাধিষ্ঠ দল বিজেপিয়েই ধ্বংস কৰা বুলি অসম কৃষি বিশ্ববিদ্যালয়ে কৰা স্পষ্ট অভিযোগ আৰু এই সন্দৰ্ভত দল-সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

ক্ৰীড়াৰ বিকাশৰ বাবে ১৯৭৭ চনত স্থাপন কৰা এই বহুমুখী ক্ৰীড়া প্ৰকল্পটো ‘গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী’ কৰি তোলাৰ সপোন দেখা মুখ্য মন্ত্ৰী সোণোৱালে ৰক্ষা কৰাৰ বাবে পদক্ষেপ ল’বনে?

খেলপথাৰ ধ্বংসৰ অভিযোগত অভিযুক্ত বিজেপি দলক মুখ্য মন্ত্ৰীয়ে ক্ষতিপূৰণ দিয়াৰ বাবে বাধ্য কৰিব পাৰিবনে?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd