ফিজিঅ’থেৰাপিষ্টসকল ডাক্তৰ নহয়। গতিকে তেওঁলোকৰ নামৰ আগত ‘ডাঃ’ লিখিব নোৱাৰিব। স্বাস্থ্য সেৱা সঞ্চালকালয়ে ভাৰতীয় চিকিৎসা সংস্থালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই কথা উল্লেখ কৰিছে।
তেওঁলোকৰ যুক্তি হ’ল তেওঁলোকৰ নামৰ আগত ‘ডাঃ’ বা ‘ডক্তৰ’ লিখাটো ৰোগী আৰু সাধাৰণ জনতাৰ বাবে বিভ্ৰান্তিকৰ হ’ব পাৰে। উল্লেখ্য যে স্বাস্থ্য সেৱা সঞ্চালকালয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে জড়িত আৰু দেশৰ চিকিৎসা শিক্ষাৰ মূল নিয়ন্ত্ৰণ সংস্থা।
এপ্ৰিল মাহত জাৰি কৰা নতুন পাঠ্যক্ৰমৰ বিৰোধিতা কৰিছে কেইবাটাও সংগঠনে। সেই পাঠ্যক্ৰমত কোৱা হৈছিল যে ফিজিঅ’থেৰাপিষ্টসকলে নিজৰ নামৰ আগত ‘ডাঃ’ লিখিব পাৰে। কিন্তু স্বাস্থ্য সেৱা সঞ্চালকালয়ে কয় যে ফিজিঅ’থেৰাপিষ্টসকলে চিকিৎসক বা মেডিকেল প্ৰেকটিচনাৰৰ দৰে প্ৰশিক্ষণ লাভ নকৰে। গতিকে তেওঁলোকৰ নামৰ আগত ‘ডাঃ’ লিখাটো যুক্তিসংগত নহয়।
ফিজিঅ’থেৰাপিষ্টসকল মেডিকেল প্ৰেকটিচনাৰ নহয় বুলিও পত্ৰখনত উল্লেখ আছে। সেয়ে কেবল চিকিৎসকৰ নিৰ্দেশতহে সেৱা আগবঢ়াব পাৰিব।
পত্ৰখনত ক্ৰমে ২০০৩, ২০২২ আৰু ২০২৩ চনত পাটনা উচ্চ ন্যায়ালয়, বেংগালুৰু আদালত আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তিনিটা গোচৰৰ কথা উল্লেখ কৰি কোৱা হৈছে যে ডাক্তৰ শব্দটো কেৱল পঞ্জীয়নভুক্ত মেডিকেল প্ৰেকটিচনাৰসকলেহে ব্যৱহাৰ কৰিব পাৰিব। মেডিকেল ডিগ্ৰী নথকা কোনোবাই যদি নিজৰ নামৰ আগত ‘ডাক্তৰ’ শব্দটো ব্যৱহাৰ কৰে তেন্তে সেয়া আইন বিৰুদ্ধ। যদি এনে প্ৰমাণ পোৱা যায় তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
স্বাস্থ্য সেৱা সঞ্চালকালয়ে শীঘ্ৰে পাঠ্যক্ৰম সলনি কৰিব লাগে বুলি প্ৰকাশ কৰিছে। তদুপৰি চিকিৎসকৰ সলনি ফিজিঅ’থেৰাপিষ্টে কি শব্দ ব্যৱহাৰ কৰিলে ৰোগী আৰু সাধাৰণ জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব সেইটো চাই থকা হৈছে।