প্ৰচলিত পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা অসমৰ নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ নহয় ৷ এই ব্যৱস্থাই জাতি জনগোষ্ঠীসকলৰ মাজত বিভেদৰ সৃষ্টি কৰিব আৰু ইয়াৰ দ্বাৰা যুগে যুগে প্ৰতাৰনা আৰু প্ৰৱঞ্চনাৰ বলি হ’ব লাগিব ৷ গতিকে বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে অসমৰ সৰু বৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ সমস্যা সম্ভৱ ৷ এই মন্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীৰ ৷
এক প্ৰেছ বিবৃতিত চৌধুৰীয়ে কয়, কংগ্ৰেছ আৰু বিজেপি চৰকাৰে যোৱা দিনবোৰত অসমৰ নৃগোষ্ঠীয় সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ বিপৰীতে জাতি জনগোষ্ঠীসমুহৰ মাজত ভাগ ভাগ কৰা ৰাজনীতি অব্যাহত ৰাখিছে ৷ বিজেপি আৰু কংগ্ৰেছ দলে বৃহত্তৰ অসমীয়া জাতি শক্তিশালী কৰিবৰ বাবে তেওঁলোকৰ শাসন কালত কি ভুমিকা ল’লে বুলি উভয় দলক প্ৰশ্ন কৰে আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিজনে ৷
বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সঁকিয়াই দি চৌধুৰীয়ে কয় — ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপি ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, গতিকে প্ৰতিশ্ৰুতি পালন কৰাটো বিজেপি ৰ ধৰ্ম হোৱা উচিত ৷ ডাঃ চৌধুৰীয়ে কয়, আমি প্ৰতিশ্ৰুতি নিদিওঁ, আম আদমি পাৰ্টীয়ে গ্যেৰান্টেী দিয়ে ৷ গ্যেৰান্টী দিয়াৰ লক্ষ্য হ’ল ৰাইজৰ কামবোৰ ১০০% ৰূপায়ণ কৰা আৰু প্ৰতাৰনা – প্ৰৱঞ্চনা নিৰ্মূল কৰা ৷ তেখেতে কয় যে, আপ য়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ দাবীক সমৰ্থন কৰে, কিন্তু জনজাতি ৰাজ্য অসমৰ প্ৰাপ্য ৷ অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ বিকল্প নাই বুলি পুনৰ দোহাৰি আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিজনে দাবী কৰে যে, অসমৰ ৰাইজ এই বিকল্প ব্যৱস্থাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷
লাঠী চালনাৰ ঘটনাক আপ ৰ নিন্দাঃ কালি ধুবুৰীত জনজাতিকৰনৰ দাবীত কোছ ৰাজবংশী সংগঠনে বাহিৰ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা লাঠী চালনাক আম আদমি পাৰ্টী, অসম য়ে নিন্দা কৰিছে ৷ এয়া বিজেপি চৰকাৰৰ অত্যাচাৰী শাসনৰ এটা সৰু নমুনা বুলি অভিহিত কৰিছে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই ৷ জনগোষ্ঠীয় সমস্যা সমাধানৰ ক্ষেত্ৰত দমন নীতি পৰিহাৰ কৰিবলৈ তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৷