• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ড⁰ ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 6:46 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি অধ্যয়ন বিভাগৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, ড⁰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু অন্যান্য অংশীদাৰৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাদেৱৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণৰ উদ্দেশ্যে ‘Preservation, Restoration, and Digitization of the Films and Songs of Dr. Bhupen Hazarika’ শীৰ্ষক প্ৰকল্প হাতত লোৱা হৈছে।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ তত্বাৱধানত চলি থকা উক্ত প্ৰকল্পটোৰ এক অংশ হিচাপে বৰ্তমানলৈ অনলাইন প্লেটফৰ্মত সঠিকভাৱে উপলব্ধ নোহোৱা ‘শকুন্তলা’ আৰু ‘চিৰাজ’ ছবি দুখনৰ প্ৰিন্ট বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে।

Apply Now

প্ৰায় ১০০টা গান ইতিমধ্যে ৰাজহুৱা উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু ৪০০ৰো অধিক গানৰ সংৰক্ষণৰ কাম পূৰ্ণগতিত চলি আছে। ৮ ছেপ্টেম্বৰৰ পৰা হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ শুভক্ষণত চৰকাৰী আৰ্কাইভ, ব্যক্তিগত সংগ্ৰাহলয়ৰ পৰা বিভিন্ন গান আৰু চলচ্চিত্ৰৰ মূল দৃশ্য-শ্ৰব্য, কেছেট আৰু চলচ্চিত্ৰ প্ৰিন্টৰ উৎস সংগ্ৰহ আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাই পুনৰ এক নতুন গতি লাভ কৰিছে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত প্ৰচেষ্টা সন্দৰ্ভত নিজৰ শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি কয় যে, “ড⁰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু তেওঁৰ অৱদানসমূহ ভৱিষ্যতলৈ সংৰক্ষণৰ স্বাৰ্থত চলি থকা এই মহান প্ৰচেষ্টাই অসমীয়া জাতিৰ ভাষা-সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব। আশা কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত উক্ত কাৰ্য সফলভাৱে সম্পন্ন হ’ব।”

উক্ত প্ৰকল্পটোৰ মুখ্য অনুসন্ধানকাৰী তথা লোক-সংস্কৃতি অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপিকা পল্লবী বৰাই উল্লখ কৰে যে, “বৰ্তমান পৰ্যায়ত চলচ্চিত্ৰ, গান আৰু তাৰ লগত জড়িত সামগ্ৰীসমূহ চিনাক্ত কৰি তালিকাভুক্ত কৰাৰ কাম চলি আছে। ‘শকুন্তলা’ আৰু ‘চিৰাজ’ নামৰ দুখন ছবিৰ প্ৰিন্ট ইতিমধ্যে সংগ্ৰহ কৰা হৈছে। ৰাজহুৱা উৎসৰ পৰা প্ৰায় ১০০টা গান সংগ্ৰহ কৰা হৈছে। National Film Development Corporation of India আৰু National Film Archive of India ৰ সংগ্ৰহত থকা ড⁰ ভূপেন হাজৰিকাৰ দুখন চলচ্চিত্ৰ – ‘মাহুত বন্ধুৰে’ (১৯৫৮) আৰু ‘লটি-ঘটি’ (১৯৬৬)ৰ পুনৰ সংৰক্ষণ তথা অধিগ্ৰহণৰ বাবে পুনেত অৱস্থিত ভাৰতীয় নেচনেল ফিল্ম আৰ্কাইভছৰ সৈতে যোগাযোগ চলি আছে।”

তেওঁ লগতে উল্লেখ কৰে যে উক্ত সংৰক্ষিত সমলসমূহ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত থকা ভূপেন হাজৰিকা সংগ্ৰহালয় তথা গুৱাহাটী বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰা হ’ব।

উল্ল্যেখযোগ্য যে ড⁰ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ শুভক্ষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত ‘বিন্দুতে সিন্ধু’ শীৰ্ষক তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd