ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰৰ অপৰাধত ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে দেশখনৰ উচ্চতম ন্যায়ালয়ে। তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী পৰাজয়ৰ পিছত ক্ষমতাত থাকিবলৈ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত দীঘলীয়া বিচাৰৰ অন্তত বৃহস্পতিবাৰে পাঁচজনীয়া বিচাৰপীঠে এই ৰায় ঘোষণা কৰে।
ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে জেইৰ বলছ’নাৰোক দোষী সাব্যস্ত কৰাৰ কেইঘণ্টামানৰ ভিতৰতে এই ৰায় ঘোষণা কৰে। অৱশ্যে পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বলছ’নাৰোক দোষী সাব্যস্ত কৰে। যদিও এজনে তেওঁক মুক্তিৰ পক্ষত আছিল। শেষত চাৰিজন ন্যায়াধীশৰ পৰামৰ্শ মতে তেওঁক ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হয়।
ৰায়দানত কোৱা হৈছে যে ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাওঁপন্থী প্ৰতিদ্বন্দ্বী লুইজ ইনাচিঅ’ লুলা দা চিলভাৰ হাতত পৰাস্ত হোৱাৰ পিছতো বলছনাৰোৱে ক্ষমতাত থাকিবলৈ অভ্যুত্থান পৰিকল্পনাৰ নেতৃত্ব দিছিল। একে সময়তে উচ্চতম ন্যায়ালয়ে তেওঁক ২০৩৩ চনলৈকে সকলো ধৰণৰ ৰাজহুৱা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে।
বিচাৰৰ পূৰ্বে পলায়নৰ ভয়ত গৃহবন্দী আছিল বলছ’নাৰো। অৱশ্যে চূড়ান্ত ৰায় ঘোষণা কৰাৰ সময়ত তেওঁ আদালতত হাজিৰ হোৱা নাছিল। বলছ’নাৰ’ৱে ন্যায়াধীশগৰাকীৰ এই ৰায়ক ‘ডাইনী চিকাৰ’ বুলি অভিহিত কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও তেওঁৰ বক্তব্যত সহমত পোষণ কৰে। ট্ৰাম্পে দাবী কৰিছিল যে তেওঁৰ বিৰুদ্ধেও একেটা গোচৰৰ বিচাৰ হৈছিল যদিও সেয়া সফল নহ’ল। ইয়াৰ উপৰিও আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ২৭ বছৰৰ শাস্তি গৰিহণা দি কয় যে দেশখনৰ উচ্চতম ন্যায়ালয়ে বলছ’নাৰোক অন্যায়ভাৱে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। এইটো অন্যায়।
আনহাতে, উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ পিছতে বোলছনাৰোৰ অধিবক্তাই ‘অত্যধিক কঠোৰ’ বুলি দাবী কৰি আবেদন জনোৱাৰ কথা ঘোষণা কৰে। ইপিন, আমেৰিকাৰ প্ৰতি সঁহাৰি জনাই ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে এই ভাবুকিয়ে ব্ৰাজিলৰ গণতন্ত্ৰক ভয় খুৱাব নোৱাৰে। অভিলেখত থকা প্ৰমাণক আওকাণ কৰি ব্ৰাজিলৰ কৰ্তৃপক্ষক আক্ৰমণ কৰাটো সঠিক নহয়।
অৱশ্যে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অধিবক্তাই কয় যে যদিহে দুজন ন্যায়াধীশে তেওঁক মুকলি কৰি দিবলৈ সন্মতি নিদিয়ে তেন্তে তেওঁক মুকলি কৰি দিয়া নহ’ব। ইতিমধ্যে বলছনাৰোৰ বিৰুদ্ধে ৫টা অভিযোগ প্ৰমাণিত হৈছে।
অভিযুক্তসকলে কয় যে বলছ’নাৰোৱে দীৰ্ঘদিন ধৰি অভ্যুত্থানৰ পৰিকল্পনা কৰি আহিছে। আনকি তেওঁৰ প্ৰতিদ্বন্দ্বী তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ লুলা দা চিলভাক হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল।
তেওঁৰ লগতে আদালতে দুজন প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী, এজন প্ৰাক্তন চোৰাংচোৱা মুৰব্বী আৰু নিৰাপত্তা মন্ত্ৰীৰ লগতে শীৰ্ষ সামৰিক বিষয়াকে ধৰি আন সাতজন লোকক দোষী সাব্যস্ত কৰিছে।