দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন বলীউডৰ অভিনেত্ৰী দিশা পাটানী। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ বাৰেৰীস্থিত দিশা পাটানিৰ চিভিল লাইনছ ভিলাৰ বাহিৰত একাধিক ৰাউণ্ড গুলীচালনা কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, পুৱা ৪:৩০ বজাত কমেও দুটা শূন্যলৈ গুলী চলোৱা হয়। সৌভাগ্যক্ৰমে কোনো লোক আহত হোৱা নাই। অৱশ্যে এই ঘটনাৰ বাবে অঞ্চলটোত তীব্ৰ আতংকৰ পৰিৱেশৰ সৃষ্টি হয়।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ কিছু সময়ৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা পোষ্ট। তাত দায় স্বীকাৰ কৰি লিখা আছিল যে দিশা পাটানী আৰু তেওঁৰ পৰিয়ালে আমাৰ ধৰ্মগুৰু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধচাৰ্য মহাৰাজক অপমান কৰিছে।
কেৱল দায়িত্ব গ্ৰহণ কৰাই নহয়, পোষ্টটোত এটা ভাবুকিমূলক সুৰো আছে – “এয়া মাত্ৰ এটা ট্ৰেইলাৰ। অহাবাৰ যদি কোনোবাই আমাৰ ধৰ্ম বা গুৰুক অসন্মান কৰে তেন্তে তেওঁলোকৰ পৰিয়ালৰ কোনোৱেই বাচি নাথাকিব।”
আৰক্ষীয়ে জনোৱা মতে, পোষ্টটোৰ সত্যতাৰ তদন্ত চলি আছে। একে সময়তে গুলীচালনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। সমগ্ৰ বাৰেৰি চহৰত নিৰাপত্তা কটকটীয়া কৰা হৈছে।
দিশাৰ কনিষ্ঠ ভগ্নী খুছবু পাটানীৰ মন্তব্যৰ পৰাই এই ঘটনাৰ সূত্ৰপাত ঘটিছে। অনিৰুদ্ধাচাৰ্যই দিয়া বক্তব্যৰ বিৰুদ্ধে মাত মাতিছিল তেওঁ। পিছত সেই মন্তব্য ভুলকৈ প্ৰচাৰ হ’ল আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হ’ল। খুছবুৱে অৱশ্যে স্পষ্ট কৰি দিয়ে যে তেওঁৰ মন্তব্য কেৱল সেই এজন ধৰ্মগুৰুৰ প্ৰতিহে আৰু আন কাৰো প্ৰতি নহয়।
আৰক্ষীয়ে দাবী কৰিছে যে গুলীচালনা আৰু ভাবুকি দুয়োটা পৰিকল্পিত আছিল। আৰক্ষীয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অভিযুক্তক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।
এই ঘটনাৰ পিছত নিৰাপত্তাক লৈ বলীউডৰ ভিতৰত উদ্বেগ পুনৰ বাঢ়িছে। শিল্পীসকলে প্ৰশ্ন উত্থাপন কৰিছে, ধৰ্মৰ নামত দিয়া ভাবুকি যদি সশস্ত্ৰ আক্ৰমণলৈ বৃদ্ধি পায় তেন্তে ইয়াৰ পৰিণতি কি হ’ব পাৰে? এতিয়া পাটানি পৰিয়ালে আৰক্ষীৰ তদন্তৰ ওপৰত চকু ৰাখিছে। অৱশ্যে আৰক্ষীয়ে কৈছে যে চিন্তাৰ কোনো কাৰণ নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।