পাকিস্তান সন্ত্ৰাসবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষক বুলি পুনৰ এবাৰ প্ৰমাণ পোৱা গৈছে। অপাৰেচন সিন্দুৰত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তানৰ দখলত থকা কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। তাৰ ভিতৰত আছিল মুৰিদকে চহৰৰ লস্কৰ-ই-তৈবাৰ অন্যতম মুখ্য কাৰ্যালয় মাৰ্কাজ টাইবা। কিন্তু সন্ত্ৰাসবাদী সংগঠনটোৱে পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। তাকো বান সাহায্যৰ ধনেৰে!
ইয়াৰ সৈতে জড়িত কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰা হৈছে (যদিও নৰ্থ ইষ্ট নাওে ইয়াৰ সত্যতা পৰীক্ষা কৰা নাই)। দেখা গৈছে যে অপাৰেচন সিন্দুৰৰ পিছত কেৱল মুখ্য কাৰ্যালয়ৰ তিনিটা মূল অট্টালিকাৰ কংকালৰ গঠনহে বাকী আছিল। কিন্তু পাঁচ মাহৰ পাছত দেখা যায় যে অট্টালিকাবোৰ আকৌ থিয় হৈ আছে। পুনৰ নিৰ্মাণৰ কাম বহুলাংশে সম্পূৰ্ণ হৈছে। মন কৰিবলগীয়া যে এই অট্টালিকাবোৰত অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণ, উগ্ৰপন্থীক ৰখা আৰু প্ৰশিক্ষণ দিয়া হৈছিল। সূত্ৰ অনুসৰি শেহতীয়াকৈ পাকিস্তানৰ এক বৃহৎ অংশ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত হৈছে। পাকিস্তান চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে। আৰু সেই ধনৰ সহায়ত ধ্বংসপ্ৰাপ্ত সন্ত্ৰাসবাদী ঘাটি পুনৰ নিৰ্মাণ কৰা হৈছে।
মন কৰিবলগীয়া যে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়। ইয়াৰ পাছত ভাৰতীয় সেনাই PoK আৰু পাকিস্তানত অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। ধ্বংস হয় ৯টা সন্ত্ৰাসবাদী ঘাটি। সেই ঘাটি বা প্ৰশিক্ষণ শিবিৰসমূহ পুনৰ নিৰ্মাণ কৰি পাকিস্তানে সেইবোৰ পুনৰ সক্ৰিয় কৰি তুলিছে। অৰ্থাৎ পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সম্ভাৱনা আছে। ভাৰতীয় সেনাও সতৰ্ক হৈ আছে।