মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন ক্ৰমাৎ ব্যাপক কৰি তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়ভাগ সংগঠনেই সৰ্বাত্মক বিৰোধিতা কৰা বিধেয়কখন সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে স্থিতি স্পষ্ট কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী গড়মূৰ সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত কেইবাটাও সংগঠনে আজি ৮ জুনত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
হাতে হাতে জোঁৰ লৈ বিধেয়কৰ বিৰোধিতাৰে মাজুলীৰ গড়মূৰত এক বিশাল সমদল উলিয়াই সংগঠনটোৱে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক ঠিয় হ’বলৈ আহ্বান জনায়।





