ঝাৰখণ্ডৰ হাজাৰিবাগত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত তিনিজন মাওবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে সহদেব ছ’ৰেন, যাৰ মূৰৰ মূল্য আছিল এক কোটি টকা।
সোমবাৰৰ পুৱাই পান্তিত্ৰী জংঘলত আৰম্ভ হয় গুলীয়াগুলি। এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে জংঘলত অভিযান চলায়। পুৱা ৬ বজাৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে গোহৰ থানাৰ সীমান্তৱৰ্তী বনাঞ্চলত তিনি মাওবাদীক ঘেৰাও কৰে।
সোমবাৰৰ যৌথ অভিযানত সহদেবৰ সৈতে আৰু দুজন মাওবাদী নেতা ৰঘুনাথ হেমব্ৰাম আৰু বীৰসেন গঞ্জুক নিহত হয়। ৰঘুনাথ ওৰফে চঞ্চল মাওবাদীৰ বিহাৰ-ঝাৰখণ্ড বিশেষ আঞ্চলিক সমিতিৰ সদস্য আছিল। তেওঁৰ মূৰৰ দাম আছিল ২৫ লাখ টকা। আনহাতে, দলৰ মণ্ডল সমিতিৰ সদস্য বীৰসেন ওৰফে ৰামখেলাওনৰ মূৰৰ দাম আছিল ১০ লাখ টকা।
ঝাৰখণ্ড আৰক্ষীয়ে জনোৱা মতে, তাঁতীঝৰীয়া থানা এলেকাৰ কৰন্দি গাঁৱত কোব্ৰা বেটেলিয়ন আৰু হাজাৰিবাগ আৰক্ষীৰ যৌথ অভিযান চলিছিল। গিৰিডিহ-বোকাৰো সীমান্তৰ সমীপৰ এই গাঁওখনত পুৱা ৬ বজাৰ পৰা দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হয়। এই সংঘৰ্ষৰ অন্তত নিৰাপত্তাৰক্ষীয়ে গভীৰ অৰণ্যৰ পৰা নিহত তিনিজন মাওবাদী নেতাৰ মৃতদেহ উদ্ধাৰ কৰে। বাহিনীটোৱে জনোৱা মতে, এই অঞ্চলৰ গভীৰ অৰণ্যত এতিয়াও তালাচী অভিযান অব্যাহত আছে।
প্ৰসংগক্ৰমে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়াৰ বাৰ্তা দিছে। তাৰ পিছত নিৰাপত্তা বাহিনীয়ে বিগত চাৰি মাহত মাওবাদী কেন্দ্ৰীয় সমিতিৰ তিনিজন সদস্যক হত্যা কৰিছে। ইতিমধ্যে ১.৫ কোটি টকাৰ মূৰৰ দাম ৰখা মাওবাদী সাধাৰণ সম্পাদক বাসৱৰাজুক হত্যা কৰা হৈছে। দেওবাৰে মাওবাদী নেতা মুখদেৱ যাদৱক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে। তেওঁৰ মূৰৰ দাম আছিল ৫ লাখ টকা। ইয়াৰ উপৰিও ঘটনাস্থলীৰ পৰা বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে। নিহত মাওবাদী নেতা কিষেনজীৰ পত্নী সুজাতাই যোৱা শনিবাৰে আত্মসমৰ্পণ কৰে।
উল্লেখ্য যে ইয়াৰ পিছৰে পৰাই মাওবাদী বিৰোধী অভিযানে ছত্তীশগড়, ঝাৰখণ্ডৰ দৰে মাওবাদী অধ্যুষিত ৰাজ্যত গতি লাভ কৰিছে৷ চোৰাংচোৱা তথ্য অনুসৰি ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।
যোৱা ২১ এপ্ৰিলৰ পৰা অঞ্চলটোত আৰম্ভ হোৱা এই অভিযানত এতিয়ালৈকে সমগ্ৰ অঞ্চলটোত ৩১ জনতকৈ অধিক মাওবাদী নিহত হৈছে। ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ সীমান্তৱৰ্তী পাহাৰ আৰু বনাঞ্চলত ঘাটি সাজি থকা এহেজাৰ মাওবাদীক গ্ৰেপ্তাৰ কৰিবলৈ ২০ হাজাৰৰো অধিক যৌথ বাহিনী মোতায়েন কৰা হৈছে।