বিগত কিছুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অসমৰ একাধিক জিলাত বানপানীৰ সৃষ্টি হৈছে। গাঁও আৰু খেতিপথাৰ প্লাৱিত হৈ পৰিছে। বানাক্ৰান্ত পৰিয়ালসমূহ স্থানচ্যুত কৰা হৈছে। কেইবাখনো নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে আৰু কেইবাটাও মথাউৰি ভাঙো ভাঙো অৱস্থাৰ সৃষ্টি হৈছে।
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত মথাউৰি ভাঙি বিস্তৃত অঞ্চলত বানত বুৰ গৈছে। ব্ৰহ্মাজান নদীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মহেন্দ্ৰপুৰ, দৰিয়াখাট, খাটৰবাৰীকে ধৰি গাঁওসমূহ ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে।
বালিপাৰাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও পানীত ডুব গৈছে। পাহাৰীয়া নৈৰ জলপৃষ্ঠ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত চাপলগাঁও, বংগিজুলি, দোৱাংগনী, আৰু দখিনখিলা গাঁৱত বানপানীৰ সৃষ্টি হৈছে।
চাপলগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰথমবাৰৰ বাবে বানপানীৰ পানীয়ে গাঁৱৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বাসিন্দাসকলে জনোৱা মতে, পানীৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে।
বানপানীৰ পানীয়ে গড়কাপ্তানী পথৰ কিছু অংশ ডুবাই পেলাই সংযোগ ক্ষমতা ভয়ংকৰভাৱে বিঘ্নিত কৰাৰ লগতে মানুহ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ চলাচলত বাধাৰ সৃষ্টি কৰিছে। কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে যদিও অনাগত দিনত বৰষুণ অব্যাহত থাকিলে অধিক ক্ষতিৰ আশংকা কৰিছে স্থানীয় ৰাইজে।
বিধায়ক পদ্ম হাজৰিকাই কয়, “বিধায়ক হিচাপে মোৰ সমগ্ৰ কাৰ্যকালত মই কেতিয়াও এনে ভয়াৱহ বানপানীৰ সাক্ষী হোৱা নাই।অৰুণাচলৰ পৰা পানী নামি আহিছে। ক্ষতিগ্ৰস্ত বাসিন্দাসকলক সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিছো।
লখিমপুৰ জিলাৰ বিহপুৰীয়াত দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ ফলত নাৰায়ণপুৰ ৰাজহ চক্ৰত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে, উফন্দি অহা চেচা নদীয়ে কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত কৰিছে।
চেচা মথাউৰি ভঙাৰ ফলত চেচা মিছিং গাঁও, ফুটাভোগ, নাওঘুলি আদি গাঁও ডুব গৈছে।
লগতে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত হাৱাজান–শিমলুগুৰি সংযোগী পথৰ এটা বৃহৎ অংশ পুনৰ উটুৱাই লৈ গৈছে, যাৰ ফলত যাতায়ত ব্যৱস্থা ভয়াৱহভাৱে ব্যাহত হৈ গাঁৱৰ ৰাইজ আবদ্ধ হৈ পৰিছে।
ঘৰ, চোতাল, বিদ্যালয়, স্থানীয় পথতো পানী প্ৰৱেশ কৰি বাসিন্দাসকলৰ বাবে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।