জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্তশাসনৰ দাবীত মৰাণ জনগোষ্ঠীয়ে আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে কেইবাটও সংগঠনৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলাৰ তালাপ, কাকপথাৰ, মাৰ্ঘেৰিটা আৰু তিনিচুকীয়াত ইতিমধ্যে ধাৰাবাহিক সমদল উলিওৱাৰ পাছত এই অবৰোধ কার্যসূচী ঘোষণা কৰিছে।
অবৰোধৰ ফলত জিলাখনৰ পৰা তেল, কয়লা, চাহ, কাঠ আদি জৰুৰী সম্পদৰ ৰপ্তানি সম্পূৰ্ণভাবে স্থগিত হৈ পৰিছে। মাকুমৰ ফৰ’লেণ্ড পথত শতাধিক মালবাহী বাহন অবৰোধ কৰি ৰাখিছে। লগতে তেল খাদ, গেছ প্লাণ্ট আদিও বন্ধ কৰি থৈছে আন্দোলনকাৰী সকলে।
উল্লেখযোগ্য যে, কিছুমান দিন আগতে চাৰিটা স্থানত অনুষ্ঠিত জোঁৰ সমদলত ২০ সহশ্ৰাধিক মৰাণ জনগোষ্ঠীৰ অংশগ্ৰহণে আন্দোলনক গতি প্ৰদান কৰে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতেই জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্তশাসনৰ সাংবিধানিক মৰ্যাদা নিশ্চিত নকৰিলে ধাৰাবাহিক আন্দোলন চলাই নিব বুলি সকীয়নি দিছে আন্দোলনকাৰীসকলে।
সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে অভিযোগ কৰি কয় যে “২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণসকলক জনজাতিকৰণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি দহ বছৰে সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনালৈ মাতি প্ৰতিশ্ৰুতি দিলেও প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল। আমাক এচি কোঠাৰ আলোচনা নালাগে, লাগে লিখিতভাৱে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্তশাসন।”
তেওঁ আৰু কয় যে “মৰাণসকলক কেতিয়া জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব সেয়া চৰকাৰে স্পষ্টভাৱে জনাব লাগিব। অন্যথা আমাৰ আন্দোলন অব্যাহত থাকিব।”
ইফালে, দুদিনীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত এই প্ৰসংগত কোনো মন্তব্য নকৰাত মৰাণ জনগোষ্ঠীৰ মাজত ক্ষোভ বৃদ্ধি পাইছে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে হুংকাৰ দি কয় যে যদি ২৬ৰ নিৰ্বাচনৰ আগতেই জনজাতিকৰণৰ দাবী মানি নলয় তেন্তে মৰাণ অধ্যুষিত অঞ্চলত বিজেপিৰ প্ৰচাৰ নিষিদ্ধ কৰি তুলিব।