• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

আৰক্ষীৰ অভিযোগ যে জেলৰ কৰ্মচাৰীৰ আপত্তি সত্ত্বেও তেওঁ নিজৰ পদৰ অপব্যৱহাৰ কৰি মহিলা দুগৰাকীক ঘৰুৱা কামত বাহিৰলৈ নিয়াৰ চেষ্টা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2026 9:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বামীৰ পৰা দূৰত বসবাস কৰি থকা দিব্যা চৌধুৰীয়ে আজমীৰৰ কেন্দ্ৰীয় কাৰাগাৰত জেইলাৰ হিচাপে কৰ্মৰত আছিল। তাত তেওঁ নিজৰ সৰু ছোৱালী দুজনীক চোৱাচিতা কৰি আৰু অকলে ভাড়াঘৰত থকাৰ দৰে বিষয়বোৰত তেওঁ যথেষ্ট হায়ৰান হৈ পৰিছিল। ইয়াৰ পিছতে ৩৭ বছৰীয়া দিব্যাই এটা উপায় বিচাৰি পালে। কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত থকা ‘মহিলা সংশোধনী কেন্দ্ৰ’ৰ দুগৰাকী কয়দীৰ তেওঁ সহায় লয়।

১২ জুলাইত দিব্যাই দুই বন্দী – কিৰণ ওৰফে ছেঠা নামৰ এগৰাকী যাৱজ্জীৱন শাস্তিপ্ৰাপ্ত কাৰাবন্দী আৰু ছানা নামৰ এগৰাকী বিচাৰাধীন বন্দীক জেলৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ বাবে দিব্যা চৌধুৰী এতিয়া কাৰাগাৰতে বন্দী হৈ আছে। য’ত এসময়ত বন্দীসকলৰ নিৰাপত্তা আৰু তত্বাৱধানৰ দায়িত্ব তেওঁৰ কান্ধত আছিল। আৰক্ষীৰ অভিযোগ যে জেলৰ কৰ্মচাৰীৰ আপত্তি সত্ত্বেও তেওঁ নিজৰ পদৰ অপব্যৱহাৰ কৰি মহিলা দুগৰাকীক ঘৰুৱা কামত বাহিৰলৈ নিয়াৰ চেষ্টা কৰিছিল।

ৰাজস্থান কাৰাগাৰ নিয়ম, ২০২২ অনুসৰি কয়দীসকলৰ জিম্মা, নিৰাপত্তা আৰু অনুশাসন বজাই ৰখা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যিকোনো ভুল বা অনিয়ম হ’লে অধীক্ষকক জনোৱাটো জেইলাৰৰ (কাৰাৰক্ষক) দায়িত্ব।

Apply Now

কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, দিব্যা চৌধৰীয়ে তেওঁৰ ‘বন্ধু’ তথা সহযোগী কনিষ্টবল ছোনিয়া চৌধাৰীৰ সৈতে কয়দী দুগৰাকীৰ সৈতে জেলৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল যদিও গেটত আন কৰ্মীৰ সৈতে কাজিয়াত লিপ্ত হয়। বিষয়াসকলে কয় যে মহিলা কাৰাগাৰৰ মূল গেটত কৰ্তব্যৰত আন জেলৰ কৰ্মচাৰীৰ আপত্তি সত্ত্বেও দিব্যা চৌধুৰী আৰু ছোনিয়াই কৰ্মচাৰীসকলক “ভীতি প্ৰদৰ্শন” কৰিছিল।

ৰাজস্থানৰ ভিলৱাৰাৰ বাসিন্দা চৌধৰীয়ে আজমীৰত ভাড়াঘৰত বাস কৰিছিল, আনহাতে তেওঁৰ স্বামী (যিজনো জেইলাৰ) কোটাত কাম কৰিছিল। আজমীৰৰ উপ আৰক্ষী অধীক্ষক শিৱম যোশীয়ে কয়, ‘তেওঁৰ ছোৱালীকেইজনী খুব সৰু। তেওঁ বিচাৰিছিল যে কয়দীসকলে তেওঁৰ ছোৱালীকেইজনীক চোৱা-চিতা কৰক আৰু লগতে চাফাই কামো কৰক।

জেলৰ পৰা বাহিৰ হোৱাৰ লগে লগেই বিষয়টো পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, কয়দী দুগৰাকী “এঘণ্টা বা দুঘণ্টা” বাহিৰত আছিল আৰু তাৰ পিছত তেওঁলোকক ভিতৰলৈ ঘূৰাই অনা হৈছিল। ডি এছ পি গৰাকীয়ে কয়, “তেওঁৰ কাৰ্যকলাপ অবৈধ আৰু অসাংবিধানিক আছিল; যিহেতু কয়দীসকলক আদালতৰ সুৰক্ষাত জেলত ৰখা হয়। সেয়েহে গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে।”

আভ্যন্তৰীণ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আৰু তেওঁৰ দোষ প্ৰমাণিত হোৱাৰ পিছত আজমীৰ কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰহৰী মহিপাল মংগলোদাৰ প্ৰতিবেদনৰ ভিত্তিত ৫ আগষ্টত আজমীৰৰ চিভিল লাইন থানাত গোচৰ ৰুজু কৰা হয়। অৱশ্যে এফআইআৰ দাখিল কৰাৰ পিছতে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ চৌধুৰীয়ে আত্মগোপন কৰিছিল।

অতিৰিক্ত আৰক্ষী অধীক্ষক হিমাংশু জাংগীৰ আৰু উপ আৰক্ষী অধীক্ষক শিৱম যোশীৰ নিৰ্দেশনাত চিভিল লাইনছ থানাৰ এছ এইচ অ’ শম্ভু সিঙৰ নেতৃত্বত এটা বিশেষ আৰক্ষী দল গঠন কৰা হয়। দলটোত নিয়মীয়া আৰক্ষী জোৱানৰ উপৰিও চাইবাৰ চেলৰ বিষয়াও আছিল।

এজন বিষয়াই কয়, “আৰক্ষীৰ দলটোৱে ঘটনাৰ স্থানৰ পৰা লাভ কৰা চিচিটিভি ফুটেজ, কাৰিকৰী প্ৰমাণ আৰু নথি-পত্ৰসমূহ ভালদৰে বিশ্লেষণ কৰি চাইবাৰ চেলৰ সহায়ত তেওঁৰ সন্ধান আৰু অনুসৰণ আৰম্ভ কৰে। মঙলবাৰে (৬ অক্টোবৰ) আজমীৰ আৰক্ষীৰ এটা বিশেষ দলে কোটা জিলাৰ এটা আৱাসিক ফ্লেটত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে।”

আজমীৰৰ চিভিল লাইনছ আৰক্ষী থানাৰ এ এছ আই মইনুদ্দিনে কয় যে, “তেওঁ স্বামীয়ে ভাড়াত লোৱা এটা ফ্লেটত আছিল। তেওঁৰ স্বামীয়ে কোটাত জেইলাৰ হিচাপে কাম কৰে। ইয়াৰ পূৰ্বে দুয়োগৰাকী কন্যাই তেওঁৰ লগত আজমীৰত আছিল। আমি তেওঁৰ মোবাইল নম্বৰৰ ভিত্তিত তেওঁৰ অৱস্থান নিশ্চিত কৰিছিলো… আমি যেতিয়া কোটাৰ ফ্লেটটোলৈ গৈছিলো তেতিয়া তেওঁৰ স্বামী তেওঁৰ গাঁৱৰ ঘৰত আছিল।”

মইনুদ্দিনে লগতে কয়, “তেওঁৰ পক্ষত থিয় দি তেওঁ দাবী কৰিছিল যে তেওঁ ঘৰটো চাফা কৰিবলৈ সহায় বিচাৰিছিল আৰু তেওঁৰ অধীনস্থ (ছোনিয়া)ক ‘অপেন জেইল’ৰ পৰা কেইগৰাকীমান মহিলাক আনিবলৈ কৈছিল কাৰণ তাত থকা বন্দীসকলক বাহিৰলৈ ওলাই যাবলৈ অনুমতি দিয়া হয়। কিন্তু কৰ্মীগৰাকীয়ে তাৰ পৰিৱৰ্তে আন দুগৰাকী মহিলাক লৈ আনিছিল। অৱশ্যেই এতিয়া তেওঁতো নিজকে নিৰ্দোষী বুলি দাবী কৰিবই…”

অস্বাভাৱিক এই ঘটনাৰ পৰিণতিও যথেষ্ট ব্যতিক্ৰমী আছিল। ডি এছ পি শিৱম যোশীৰ ভাষাত, “তেওঁ নিজে কাম কৰা কাৰাগাৰতে এতিয়া তেওঁক ৰখা হৈছে।”

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd