ৰেপো ৰেট বৃদ্ধিৰ বাবে দেশৰ কেইবাটাও ডাঙৰ বেংকে গৃহ ঋণকে (হোম লোন) ধৰি কেইবাটাও ক্ষেত্ৰত সুতৰ হাৰ বৃদ্ধিৰ পথত আগবাঢ়িছে। পঞ্জাৱ নেশ্যনেল বেংক (পিএনবি), বেংক অৱ বৰোদা (বিঅ’বি), ইণ্ডিয়ান বেংক, বেংক অৱ ইণ্ডিয়া (বিঅ’আই) আৰু ইণ্ডিয়ান অভাৰচিজ বেংক (আইঅ’বি)কে ধৰি কেইবাটাও ঋণদাতা সংস্থাই ৰেপ’-লিংকড ঋণৰ হাৰ বৃদ্ধি কৰিছে। ফলত গৃহ, গাড়ী বা আন ঋণ লোৱা গ্ৰাহকৰ ওপৰত সুতৰ বোজা বৃদ্ধি পাব পাৰে।
যোৱা ৭ অক্টোবৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৫০ শতাংশলৈ বৃদ্ধি কৰে। প্ৰায় চাৰি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বেংকে ৰেপো ৰেট বৃদ্ধি কৰিছে। কেৱল সেয়াই নহয়, মুদ্ৰাস্ফীতিৰ গতি আৰু দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাসৰ বাবে আগন্তুক দিনত সুতৰ হাৰ আৰু বৃদ্ধিৰ সম্ভাৱনাৰ ইংগিত দিছে আৰ বি আইয়ে।
ছয়জনীয়া মুদ্ৰানীতি সমিতিয়ে ৰেপো ৰেট বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমিতিৰ সকলো সদস্যই সুতৰ হাৰ বৃদ্ধিৰ সপক্ষে ভোটদান কৰে। ২০২৪ চনৰ ডিচেম্বৰ মাহত সঞ্জয় মালহোত্ৰাই গৱৰ্ণৰৰ দায়িত্ব লোৱাৰ পিছত আৰ বি আইয়ে প্ৰথমবাৰৰ বাবে ৰেপো ৰেট বৃদ্ধি কৰিছে।ইতিমধ্যে বজাৰত সুতৰ হাৰ বৃদ্ধিৰ সম্ভাৱনাক লৈ চৰ্চা চলিছিল। নতুন সিদ্ধান্তৰ বাবেই সদ্যহতে সুত হ্ৰাসৰ সম্ভাৱনাৰ দুৱাৰো কাৰ্যতঃ বন্ধ হৈ পৰিল।
আৰ বি আইৰ সিদ্ধান্তৰ লগে লগে পঞ্জাৱ নেশ্যনেল বেংকে ঋণৰ সুতৰ হাৰ বৃদ্ধিৰ কথা ঘোষণা কৰে। পিএনবিয়ে জনোৱা মতে, ৰেপো ৰেট বৃদ্ধিৰ বাবে তেওঁলোকৰ আৰ এল এল আৰ (ৰেপো লিংকড লেণ্ডিং ৰেট) ৮.১০ শতাংশৰ পৰা ৮.৩৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই নতুন হাৰ ৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ ভিতৰত ০.৩৫ শতাংশ বিএছপিও অন্তৰ্ভুক্ত কৰা হৈছে।
অৱশ্যে পিএনবিয়ে কয় যে তেওঁলোকৰ এমচিএলআৰ (মাৰ্জিনেল কষ্ট অৱ ফাণ্ডছ বেছড লেণ্ডিং ৰেট) আৰু বেছ ৰেটত কোনো পৰিৱৰ্তন হোৱা নাই।
বেংক অৱ বৰোদাইও ২৫ বেচিছ পইণ্ট বৃদ্ধি কৰিছে আৰ বি এল আৰ। এই হাৰ ৭.৯০ শতাংশৰ পৰা ৮.১৫ শতাংশলৈ বৃদ্ধি পাইছে।
চেন্নাইস্থিত ইণ্ডিয়ান বেংকেও ৰেপো লিংকড বেঞ্চমাৰ্ক লেণ্ডিং ৰেট (আৰ বি এল আৰ) বৃদ্ধি কৰিছে। এই হাৰ ৭.৯৫ শতাংশৰ পৰা ৮.২০ শতাংশলৈ বৃদ্ধি পাইছে। ৮ অক্টোবৰৰ পৰাই কাৰ্যকৰী হ’ব এই নতুন হাৰ।
ইফালে বেংক অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচিজ বেংক দুটা চৰকাৰী বেংকে আৰ বি এল আৰ ৮.৩৫ শতাংশলৈ বৃদ্ধি কৰিছে। আৰ বি আইৰ নীতিগত সিদ্ধান্তৰ পিছতে এই পৰিৱৰ্তন কৰা হৈছে বুলি বেংক অৱ ইণ্ডিয়াই জানিবলৈ দিয়ে।
কেৱল চৰকাৰী বেংকেই নহয়, ব্যক্তিগত খণ্ডইও ঋণৰ হাৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। তামিলনাডু মাৰ্কেন্টাইল বেংকে আৰ এল এল আৰ ৮.২৫ শতাংশৰ পৰা ৮.৫০ শতাংশলৈ বৃদ্ধি কৰিছে।
বিশেষজ্ঞসকলৰ মতে, ৰেপো ৰেটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ঋণৰ সুতৰ হাৰ বৃদ্ধিয়ে যেনেকৈ নতুন ঋণ লোৱা ব্যয়বহুল কৰি তোলে, তেনেকৈয়ে ফ্লটিং ৰেটত লোৱা পুৰণি ঋণৰ ইএমআইও বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত গ্ৰাহকে গৃহ, গাড়ী বা ব্যক্তিগত ঋণ লোৱাৰ মাহিলী খৰচৰ ওপৰত চাপ পৰাৰ সম্ভাৱনা আছে।
আৰ বি আইৰ ৰেপো ৰেট বৃদ্ধিৰ পিছত অনাগত দিনত আৰু অধিক ৰাজহুৱা আৰু ব্যক্তিগত বেংকেও ইয়াৰ অনুসৰণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। ফলত আৰ বি আইৰ সুতৰ হাৰ বৃদ্ধিৰ প্ৰভাৱে সাধাৰণ ঋণগ্ৰহণকাৰীকো ক্ৰমান্বয়ে প্ৰভাৱিত কৰিব পাৰে।





